Rice thief escaped in Jorhat: জিম্মাৰ পৰা পলাল বিধায়ক ৰূপজ্যোতিয়ে আৰক্ষীক গতোৱা চোৰ - Thief escaped from police in Mariani
🎬 Watch Now: Feature Video
যোৰহাট, ২২ ফেব্ৰুৱাৰী: যোৰহাট জিলাৰ দেৱেৰাপাৰ থানাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাল দুটাকৈ গভাইত চাউল চোৰ (Thief escaped from police in Mariani)। বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৰায়ত্ত কৰি মঙলবাৰে নিশা আৰক্ষীক গতাই দিছিল এই চাউল চোৰ দুটাক (MLA Rupjyoti Kurmi)। বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ বাবে অনা চাউল চোৰৰ অভিযোগত আটক কৰা হৈছিল ৰঞ্জিত গগৈ আৰু হিমাংশু বৰা নামৰ চোৰ দুটাক । চোৰ দুটাৰ ঘৰ যোৰহাটৰ চিনামৰাত বুলি জানিব পৰা গৈছে ।
দুখন চাউল ভৰ্তি ট্ৰাকসহ কৰায়ত্ত কৰা হৈছিল চোৰ দুটাক । PB 16 M 0597 আৰু AS 01 BC 7235 নম্বৰৰ ট্ৰাক দুখনত এই চোৰাং চাউলখিনি অনা হৈছিল ।
সততে অসম আৰক্ষীক অতি দক্ষ আৰু নিপুন কৰি তোলাৰ বাবে গৃহ বিভাগে বিভিন্ন আঁচনি আৰু ন ন কৌশল গ্ৰহণ কৰাৰ সময়তে আৰক্ষীৰ ব্যৰ্থতাৰ স্বৰূপটো উদঙাই দিNS খোদ যোৰহাট জিলা আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি বিদ্য়ালয়ৰ কণ কণ শিক্ষাৰ্থীৰ নামত আৱন্টিত মধ্যাহ্ন ভোজনৰ চাউল বিভিন্ন কৌশলেৰে হৰলুকি কৰি আহিছিল গভাইত চোৰ দুটাই । এই দুয়োটা চোৰৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত কালি এনে অভিযানত নামি পৰিছিল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।
ৰঞ্জিত গগৈ আৰু হিমাংশু বৰাই মঙলবাৰে চাউল চুৰি কৰি থকা অৱস্থাতেই বিধায়ক কুৰ্মীয়ে চোৰ দুটাক হাতে লোতে কৰায়ত্ত কৰিছিল । পিছত ধৃত চোৰ দুটাক মৰিয়নি দেৱেৰাপাৰাৰ আৰক্ষীক গতাই দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । আৰক্ষী জিন্মাত থকা সময়তে বুধবাৰে পুৱতি নিশা আৰক্ষীৰ বেহু ফালি চোৰ দুটাই পলায়ন কৰে । কেনেদৰে আৰক্ষীৰ জিম্মাৰ পৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গতাই দিয়া চোৰ দুটাই পলায়ন কৰিবলৈ সক্ষম হ'ল সেই লৈ ৰাইজৰ মাজত চৰ্চা হৈছে ।
লগতে পঢ়ক:Basistha Traffic police Scam: আৰক্ষীয়ে চক্ৰান্ত কৰি জাপি দিলে লাখটকীয়া গোচৰ; মহিলাৰ গুৰুতৰ অভিযোগ