Thief Arrested in Kalgachia: কলগাছিয়াৰ গুনীয়ালগুৰিত গভাইত চোৰ আটক

By

Published : Mar 22, 2023, 9:44 AM IST

thumbnail

কলগাছিয়া, 22 মাৰ্চ: কলগাছিয়াৰ গুনীয়ালগুৰি গাঁৱত গভাইত চোৰ আটক ৷ ৰাইজে আটক কৰি চোৰক গতালে কলগাছিয়া আৰক্ষীক (Public caught thief in Kalgachia) ৷  

শেহতীয়াকৈ, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনীয়ালগুৰি গাঁৱত দীৰ্ঘদিন ধৰি চুৰিকাণ্ডৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা এটা গভাইত চোৰক কৰায়ত্ব কৰে ৰাইজে ৷ ৰাইজে আটক কৰা চোৰটো গুনীয়ালগুৰি গাঁৱৰ মিজানুৰ ৰহমান বুলি জানিব পৰা গৈছে ৷  

জানিব পৰা মতে গুনীয়ালগুৰি গাঁৱৰ মিজানুৰ ৰহমান আৰু দাবন্দীয়া গাঁৱৰ বুলবুল নামৰ চোৰ দুটাই গুনীয়ালগুৰি বজাৰৰ এখন দোকানৰ পৰা দুটা মোবাইল চুৰি কৰে ৷  মোবাইলৰ গৰাকীয়ে মোবাইলটো বিচাৰি নোপোৱাত চি চি টিভিত প্ৰত্যক্ষ কৰি চোৰ চিনাক্ত কৰে ৷ লগে লগেই মোবাইলৰ গৰাকীয়ে চোৰৰ ঘৰত উপস্থিত হোৱাত চুৰি কৰাৰ কথা স্বীকাৰ কৰে মিজানুৰ ৰহমানে ৷ মিজানুৰে লগতে ভৱিষ্যতে এনে কাম নকৰো বুলি ৰাইজৰ আগত ক্ষমা বিচাৰে (Thief arrested by Kalgachia Police) ৷  

মিজানুৰ ৰহমান নামৰ চোৰটোক ৰাইজে আটক কৰে যদিও আনটো চোৰ পলাই যাবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ চোৰটোক আটক কৰি থানালৈ লৈ যায় । উল্লেখযোগ্য যে, গুনীয়ালগুৰি গাঁৱৰ মিজানুৰ ৰহমান নামৰ চোৰটোৱে দীৰ্ঘদিনৰ পৰা চুৰিকাৰ্য চলাই আহিছিল আৰু পূৰ্বে কেইবাবাৰো চুৰি কৰি ধৰা পৰিছিল  (Theft arrested by Kalgachia Police) ৷

লগতে পঢ়ক: Barpeta Love jihad: বৰপেটা লাভ জেহাদকাণ্ডৰ মূল অভিযুক্ত ৰিতুল হুছেইনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.