Thengal kachari folk culture : তিতাবৰত পালন কৰা হ’ল তৰাচিৰা বিহু - তিতাবৰত পালন কৰা হ’ল তৰা চিৰা বিহু
🎬 Watch Now: Feature Video
যোৰহাট, 29 মাৰ্চ : তিতাবৰ তামোলবাৰীত পৰম্পৰা ৰক্ষা কৰি আজি পালন কৰা হয় ঠেঙাল কছাৰী জনগোষ্ঠীৰ জাতীয় উৎসৱ তৰা ছিৰা বিহু ৷ চ’ত মাহৰ দ্বিতীয়টো বুধবাৰে পৰম্পৰাগতভাৱে উদযাপন কৰা হয় এই উৎসৱ । সদৌ অসম ঠেঙাল কছাৰী যোৰহাট জিলা সমিতি, সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা আৰু সদৌ অসম ঠেঙাল কছাৰী মহিলা সংগঠনৰ লগতে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে তিতাবৰ তামোলবাৰীৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হ’ল ঠেঙাল কছাৰী জনজাতীয় তৰাচিৰা বিহু (Thengal kachari folk culture) ।
পৰম্পৰা অনুসৰি গাঁৱৰ মুখিয়াল তথা জ্যেষ্ঠসকলক লগত লৈ জনজাতীয় ৰাইজে পূৰ্বতে পাহাৰীয়া অঞ্চলসমূহৰ পৰা তৰা গছ আনিবলৈ যোৱাৰ লগতে যাত্ৰাপথত আমৰলি পৰুৱাৰ টোপ, কেঁকুৰা, কুচীয়া, মাছ মৰা আদি পৰ্বৰ লগতে পাহাৰীয়া অঞ্চলসমূহত বনৰীয়া হাঁহ-কুকুৰা আদি চিকাৰ কৰিছিল , যদিও আধুনিকতাৰ ধামখুমীয়াত তেতিয়াৰ সেই বিহুৰ মাদকতা সম্প্ৰতি হেৰাই যোৱাৰ সময়তে পূৰ্বৰ সেই পৰম্পৰা পুনৰ জিলিকাই তুলিবলৈ প্ৰয়াস কৰিছে জনগোষ্ঠীটোৰ উদ্যোক্তাসকলে ।
লক্ষণীয় যে, পূৰ্বৰ সেই পৰম্পৰা অনুসৰি তৰাচিৰা বিহুৰ এই চিকাৰ পৰ্বৰ লগতে তৰাচিৰা পৰ্বত অংশগ্ৰহণ কৰাসকলৰ মাজত জনজাতীয় ভিন্নধৰ্মী খাদ্যৰো সমাহাৰ ঘটিছে (Thengal kachari folk culture celebrated at TITABOR) ।
লগতে পঢ়ক : Rape case in Tinsukia : নাবালিকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত তিনিচুকীয়াত পথ অৱৰোধ