Themed durga puja pandal:পূজাত কি চোৱাৰ প্লেন আপোনাৰ, কেদাৰনাথ, ৰাম মন্দিৰ নে চন্দ্ৰযান-3 ?

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 6:28 PM IST

thumbnail

ডিব্ৰুগড়, 21 অক্টোবৰ : যেন এক অঘোষিত প্ৰতিযোগিতা ! নিজ ঘৰলৈ মাক আনি আসনত বহুৱাবলৈ সকলোৱে পাৰ্যমানে সজাই তুলিছে ঘৰখন ৷ হয়, আমি দুৰ্গা মাক আদৰি অনাৰ কথাই কৈছো ৷ ৰাজ্যৰ প্ৰতিখন জিলাতে এইবাৰ মাক আদৰাৰ নামত বেলেগ বেলেগ আৰ্হিত নিৰ্মাণ কৰা হৈছে এখন এখন পূজা মণ্ডপ ৷ ভক্তপ্ৰাণ ৰাইজ মোহিত হৈছে পূজা মণ্ডপৰ সা-সজ্জাত ৷

শেহতীয়াকৈ চৰ্চালৈ আহিছে ডিব্ৰুগড়ৰ এখন পূজা মণ্ডপ ৷ এইবাৰ দুৰ্গা পূজাত ডিব্ৰুগড়তে কেদাৰনাথ মন্দিৰ চোৱাৰ সৌভাগ্য হৈছে ভক্তপ্ৰাণ ৰাইজৰ ৷ ডিব্ৰুগড়তো দুৰ্গা পূজাক লৈ আধ্যাত্মিক আৰু আনন্দ উল্লাসৰ পৰিৱেশ । মা দুৰ্গাৰ আশীষ লোৱাৰ মাজতেই ডিব্ৰুগড়ত কেদাৰনাথ মন্দিৰ দৰ্শনৰ সৌভাগ্য হৈছে ভক্তপ্ৰাণ ৰাইজৰ ।

ডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ মালিপট্টী দুৰ্গা মণ্ডপ নিৰ্মাণ কৰা হৈছে কেদাৰনাথ মন্দিৰৰ আৰ্হিত । কেদাৰনাথ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা এই পূজা মণ্ডপে ব্যাপক চৰ্চা লাভ কৰিছে । জিলাখনৰ লগতে জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা কেদাৰনাথ মন্দিৰৰ আৰ্হিত নিৰ্মিত এই মণ্ডপ চাবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Durga puja 2023: দুৰ্গা পূজাত যাওক কেদাৰনাথ মন্দিৰ দৰ্শনলৈ

                    Durga puja2023: দেৱী দুৰ্গা এইবাৰ যাত্ৰী হ’ব চন্দ্ৰযান-৩ ৰ

                    Durga puja 2023: দুৰ্গা পূজাত গুৱাহাটীত নিৰ্মাণ ৰাম মন্দিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.