thumbnail

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 10:51 AM IST

ETV Bharat / Videos

ডিব্ৰুগড় আৰক্ষীক প্ৰত্যাহ্বান, সদৰ থানাৰ কাষতে চোৰৰ চাফাই অভিযান

মৰাণ, 21 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো দিনক দিনে বৃদ্ধি হৈছে চুৰি-ডকাইতিৰ ঘটনা । ডিব্ৰুগড় আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী আৰু চোৰ-ডকাইতৰ বিৰুদ্ধে অভিযান চলাই থকাৰ মাজতে ডিব্ৰুগড় আৰক্ষীক চেলেঞ্জ কৰি সদৰ থানাৰ কাষতে চোৰে চলালে চাফাই অভিযান । 

ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ সমীপতে মানকটা অভাৰব্ৰীজৰ কাষতে থকা এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত চোৰে বুধবাৰে দিন দুপৰতে চুৰিকাণ্ড সংঘটিত কৰে । শিক্ষয়িত্ৰী পূৰৱী বৰুৱাৰ গৃহত ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি দুটাকৈ আলমীৰা খুলি থান-বান কৰি প্ৰায় 10 লাখ টকাৰ সোণ আৰু নগদ কেইবা হাজাৰ টকা লৈ চোৰ উধাও হয় । 

শিক্ষয়িত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁ পুৱা স্কুললৈ গৈ বিয়লি ঘৰলৈ অহাৰ পিচত সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি হতবাক হয় । ততাতৈয়াকৈ তেওঁ আৰক্ষীক ঘটনা সম্পৰ্কে জনোৱাত আৰক্ষীৰ এটা দল গৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি বুজ লয় ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: চাহ মজদুৰ সংঘৰ বিষয়ববীয়া নিৰ্বাচনত জালিয়াতি, সংবিধান উলংঘাৰ অভিযোগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.