মহানগৰীৰ পশ্চিম প্ৰান্তত একে নিশাই চোৰে সাত স্থানত চলালে লুটপাত - গুৱাহাটী মহানগৰীত মন্দিৰত চুৰি
🎬 Watch Now: Feature Video


Published : Dec 22, 2023, 2:36 PM IST
মিৰ্জা, ২২ ডিচেম্বৰ : গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ, গড়ল, মাজিৰগাঁও, ভট্টপাৰা আদি অঞ্চলত একাধিক সত্ৰ, মঠ-মন্দিৰসহ সাতটা স্থানত চোৰে চলালে চাফাই অভিযান । শিলপোতা সত্ৰ, ধোপৰতল নামঘৰ, ৰাণী চাপৰি শ্ৰীশ্ৰী মা-মনসা মন্দিৰ, মিৰ্জাপুৰত দুটাকৈ মন্দিৰ, গড়ল বৰুৱাপাৰা দৌল মন্দিৰ আদিত বৃহস্পতিবাৰে নিশা এফালৰ পৰা একে নিশাই চোৰে চলালে লুটপাত । ক’ৰবাত যদি মন্দিৰত তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিছে, আন ক’ৰবাত আকৌ দানপাত্ৰ ভাঙি টকা লৈ উধাও হ’ল চোৰ।
আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধাৰাপুৰ, গড়ল, ভট্টাপাৰা, মাজিৰগাঁও আদি একাধিক অঞ্চলত একে নিশাই চোৰে লুটপাত চলোৱাৰ পিচতো আৰক্ষী নিৰ্বিকাৰ । দানপাত্ৰৰ ধন লুট কৰাৰ লগতে কেইবাটাও মঠ মন্দিৰৰ পৰা সোণ-ৰূপৰ আ-অলংকাৰো লুটি লৈ যোৱা বুলি স্থানীয় লোকে মন্তব্য় কৰিছে ।
বৃহত্তৰ অঞ্চলটোত এইদৰে একে নিশাই চোৰে চাফাই অভিযান চলোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সমান্তৰালভাৱে নিৰাপত্তাৰ ক্ষেত্ৰতো শংকিত হৈ পৰিছে ৰাইজ ।
লগতে পঢ়ক : অসমৰ ভূমিতে সাত জাঁই গুলীৰে কুকুৰক হত্যা কৰি থৈ গ’ল নগা দুৰ্বৃত্তই