Crime in Nagaon:ৰণথলী নেহৰু প্ৰাথমিক বিদ্যালয়ত চুৰি - Theft at Raha
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18116625-thumbnail-16x9-r-aspera.jpg)
ৰহা, ২৯ মাৰ্চ: নগাঁও জিলাৰ ৰহাত এইবাৰ চোৰৰ চকু বিদ্যালয়ত (Theft at Raha)। মঙলবাৰে নিশা ৰহাৰ ৰণথলী নেহৰু প্ৰাথমিক বিদ্যালয়ত সংঘটিত হয় চুৰিকাণ্ড (Theft at Ranthali Nehru Primary School in Raha)। নিশা চোৰে বিদ্যালয়খনৰ দুৱাৰৰ তলা ভাঙি লুটি নিলে পানী মটৰৰ লগতে মধ্যাহ্ন ভোজনৰ বাচন-বৰ্তন, চাউল আদি । চোৰে লণ্ড-ভণ্ড কৰিলে বিদ্যালয়ৰ আচবাব, সা-সামগ্ৰী ।
এই ঘটনাৰ সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে বিগত কেইবামাহ ধৰি ৰহাত গৰু চুৰি, মঠ-মন্দিৰত চুৰিকাৰ্য বৃদ্ধি পোৱাৰ পিচত এইবাৰ বিদ্যালয়ত চকু পৰিছে চোৰৰ । এই ক্ষেত্ৰত আৰক্ষীক কঠোৰ হ'বলৈ দাবী জনাইছে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক:ASP Balveer Singh Controversy : বন্দীৰ দাঁত উভালি মানৱ অধিকাৰ আয়োগৰ ৰোষত আৰক্ষী বিষয়া