Theft in Hojai: লংকাত চোৰে নিলে সোণৰ আ-অলংকাৰ - Theft news of Assam
🎬 Watch Now: Feature Video


Published : Nov 15, 2023, 1:05 PM IST
হোজাই, ১৫ নৱেম্বৰ: হোজাই জিলাৰ লংকাত চোৰৰ তাণ্ডৱ অব্যাহত । জিলাখনৰ বিভিন্ন ঠাইত ইটোৰ পাছত সিটো চুৰিকাণ্ডই লংকাবাসীক আতংকিত কৰি ৰখাৰ সময়তে লংকা সার্বজনীন নামঘৰৰ সন্মুখত থকা অমৰজিৎ কুণ্ডুৰ বাসগৃহত সংঘটিত হ'ল চুৰিকাণ্ড । চোৰে পাকঘৰৰ খিৰিকীৰ লোৰ গ্ৰীল আঁতৰাই চুৰি কৰি নিয়ে সোণৰ আ-অলংকাৰৰ লগতে নগদ ৩,০০০ টকা আৰু কেইবাখনো কাঁহৰ বাচন-বর্তন ।
উল্লেখ্য যে দুমহলীয়া ঘৰৰ ওপৰ মহলাত ভাতৃ বিশ্বজিৎ কুণ্ডুৰ পৰিয়াল থকাৰ পাচতো তলৰ মহলাত অমৰজিৎ কুণ্ডুৰ পৰিয়াল নথকাৰ সুযোগতে চোৰে সংঘটিত কৰে চুৰিকাৰ্যই। কিছুদিন পূৰ্বে বৃন্দাবনলৈ যোৱা অমৰজিৎ কুণ্ডুৰ পৰিয়ালে আজি নিজৰ বাসগৃহত উপস্থিত হৈ দৰ্জাৰ তলা খুলি চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰি স্থানীয় আৰক্ষীক অৱগত।
লগতে পঢ়ক:Sahara Group chief death : বিশিষ্ট উদ্যোগপতি তথা ছাহাৰা গ্ৰুপৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান