নিশা হ’লেই কলগাছিয়াৰ বজাৰত উপদ্ৰৱ চলিছে চোৰৰ - theft at kalgachia market in barpeta
🎬 Watch Now: Feature Video


Published : Dec 20, 2023, 1:28 PM IST
জনীয়া, ২০ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ নিচেই কাষত কলগাছিয়া বজাৰৰ মাজমজিয়াত দুখন দোকানত যোৱা নিশা চুৰিকাণ্ড সংঘটিত হয় । উল্লেখযোগ্য যে নিশাৰ ভাগত চোৰে দোকানৰ টিনপাতৰ চালি কাটি ভিতৰত প্ৰবেশ কৰি আনচেৰ আলী আৰু চাইব আলীৰ দোকানত সোমাই নগদ ধনৰ লগতে লুটি নিলে দোকানৰ আন সামগ্ৰী ।
আজি পুৱা ব্য়ৱসায়ী দুজন দোকানত উপস্থিত হৈ টিনপাতৰ চালি ভঙা দেখি হৈ হতভম্ব হৈ পৰে । পিছে চোৰে চুৰি কৰাৰ সমগ্ৰ দৃশ্য বন্দী হয় দোকানৰ চি চি কেমেৰাত । কিন্তু চোৰক এতিয়ালৈকে চিনাক্তকৰণ হোৱা নাই। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বৃহত্তৰ কলগাছিয়া অঞ্চলত তীৰ, মদ, জুৱা, ড্ৰাগছ আদি বৃদ্ধি পোৱাত এনে চুৰিকাণ্ড সংঘটিত হৈ আহিছে বুলি ৰাইজে মন্তব্য় কৰিছে ।