Theft incident: ৰঙিয়াৰ কছাৰী শ'লমাৰীত চোৰৰ উপদ্ৰৱ - Gosai Sholmari Primary School
🎬 Watch Now: Feature Video
Published : Sep 15, 2023, 9:22 AM IST
ৰঙিয়া, ১৫ ছেপ্টেম্বৰ: ৰঙিয়াৰ কছাৰী শ'লমাৰীত চোৰৰ উপদ্ৰৱ । এইবাৰ চোৰৰ চকু পৰিল ৪০ নং গোঁসাই শ'লমাৰী প্ৰাথমিক বিদ্যালয়ত । ৰান্ধনী ঘৰৰ তলা ভাঙি চোৰে বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে ১০০ খন কাঁহী, ভাত ৰন্ধা টৌ, কেৰাহী আদিকে ধৰি কেইবা বিধ সামগ্ৰী চুৰি কৰি নিয়ে । এই সামগ্ৰীখিনিৰ মূল্য প্ৰায় ১৫ হাজাৰৰ অধিক হ'ব বুলি কয় বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে । বিদ্যালয়খনৰ পকী দেৱাল পাৰ হৈ আহি তলা ভাঙি চোৰে এনেদৰে চাফাই অভিযান চলাই ।
ইফালে, বিদ্যালয়খনৰ পৰা ৰন্ধা-বঢ়াৰ সকলো সা-সামগ্ৰী চুৰি কৰি নিয়া বাবে কালি লঘোণে থাকিব লগা হয় কণ কণ শিশুসকল । বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি পূৰ্বেও এই বিদ্যালয়খনত কেইবাবাৰো পানীৰ মটৰ, দমকল, ফেন চুৰি হৈছিল । পিছত ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত বিদ্যালয় কৰ্তৃপক্ষই এজাহাৰ দাখিল কৰে । এই সন্দৰ্ভত কেইবাবাৰো এজাহাৰ দিয়া হৈছিল যদিও আৰক্ষীয়ে কোনো লোককে কৰায়ত্ত কৰিব পৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়ক:Brutal murder Morigaon: পৰকীয়া প্ৰেমৰ বাটত বাধা আছিল স্বামী; প্ৰেমিকৰে মিলি আঁতৰালে বাধা !