ঘোঁৰামাৰাত একে নিশাই পাঁচখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি - ঘোঁৰামাৰাত একে নিশাই ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি
🎬 Watch Now: Feature Video
Published : Dec 5, 2023, 6:36 PM IST
গুৱাহাটী, ৫ ডিচেম্বৰ: ক্ৰমাৎ যেন অপৰাধ নগৰীলৈ পৰ্যবসিত হৈছে গুৱাহাটী মহানগৰী । প্ৰতিদিনে সংঘটিত হৈছে অপৰাধজনিত ঘটনা । হত্যা-হিংসা, চুৰি-ডকাইতি, ধৰ্ষণৰ লগতে বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ ঘটনা সংঘটিত হৈছে এইখন মহানগৰীত । ইয়াৰ মাজতে সোমবাৰে নিশাও মহানগৰীৰ ভেটাপাৰাত সংঘটিত চুৰিৰ ঘটনা ।
ভেটাপাৰাৰ ঘোঁৰামৰাত চোৰে চলালে চাফাই অভিযান । ঘোঁৰামাৰা চাৰিআলিৰ ৫ খন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হ'ল চুৰিকাণ্ড । সোমবাৰে নিশা সংঘটিত হয় এই চুৰিকাণ্ড । প্ৰতিখন বিপনীত টিং কাটি প্ৰবেশ কৰে চোৰে । ঘোঁৰামাৰা ষ্ট'ৰ, দুখনকৈ ৰিয়ান ইলেকট্ৰিকেলচ, কে ডি ষ্ট'ৰ আৰু গণপতি ইণ্টেৰিঅ'ছৰ পৰা চোৰে লুটি নিলে নগদ ধন আৰু বহুতো সা-সামগ্ৰী । ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়ক:নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ দিনা NCRB প্ৰতিবেদন প্ৰকাশ কৰাক লৈ কংগ্ৰেছৰ প্ৰতিক্ৰিয়া