Theft news in Assam: ৰঙিয়াৰ দ্বাৰকুছিত দৈনিক বজাৰত চুৰি - ঙিয়াৰ দ্বাৰকুছিত দৈনিক বজাৰত চুৰি
🎬 Watch Now: Feature Video


Published : Oct 6, 2023, 7:53 PM IST
ৰঙিয়া, ৬ অক্টোবৰ: ৰঙিয়াৰ সমীপৰ দ্বাৰকুছিত চোৰৰ তাণ্ডৱে নিদ্ৰা হৰিছে ৰাইজৰ । ইয়াৰ মাজতেই চোৰে লুটি নিলে কেইবা লক্ষাধিক টকাৰ টকাৰ সামগ্ৰী । চোৰে দ্বাৰকুছি দৈনিক বজাৰৰ কেইবাখনো দোকানৰ সামগ্ৰীৰ লগতে চুৰি কৰি নিলে দোকানৰ কেছ বক্সত থকা ধন । সমাগত দুৰ্গা পূজাৰ বাবে দ্বীপজ্যোতি দাস নামৰ কাপোৰৰ ব্যাৱসায়ীজনে ৰাখিছিল প্ৰায় ছয় লক্ষাধিক টকাৰ সমগ্ৰী। চোৰে নিশা পিছফালৰ দুৱাৰ ভাঙি লৈ গ'ল সকলো সমগ্ৰী ।
ঘটনা সন্দৰ্ভত গান্ধীবাৰী আৰক্ষী চকীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে । উল্লেখ্য যে দ্বাৰকুছি অঞ্চলত কেইবাবাৰো এনেধৰণৰ চুৰি কাণ্ড সংঘটিত হৈছে । কিন্তু আৰক্ষী প্ৰশাসনে আজি পৰ্যন্ত চোৰ আৰু চুৰি সামগ্ৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।