Crime in Tinsukia: তিনিচুকীয়াত চুৰিকাণ্ডৰ ২৪ ঘণ্টাৰ ভিতৰতেই চোৰ গ্ৰেপ্তাৰ

🎬 Watch Now: Feature Video

thumbnail

বাণিজ্যিক চহৰ তিনিচুকীয়াত বৃহস্পতিবাৰে নিশা সদৰ আৰক্ষী থানাৰ সমীপতে সংঘটিত হয় এক চুৰিকাণ্ড (Theft in Tinsukia)। চহৰখনত অৱস্থিত দুখনকৈ ব্যৱসায়িক সংঘটিত হয় এই চুৰিকাণ্ড। আনহাতে, এই চুৰিকাণ্ড সংঘটিত হোৱাৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ জালত পৰিল এই চুৰিকাণ্ডত জড়িত অভিযুক্ত (Theft arrested at Tinsukia)।  

ঘটনাৰ বিৱৰণি অনুসৰি তিনিচুকীয়া চহৰখনৰ মাৰুতী এণ্টাৰপ্ৰাইজ আৰু নিউ ষ্টেণ্ডাৰ চাইকেল কোঃ নামৰ দুই ব্যৱসায়িক প্ৰতিষ্ঠানত বৃহস্পতিবাৰে নিশা চুৰি সংঘটিত হৈছিল । চোৰে মাৰুতী এণ্টাৰপ্ৰাইজ আৰু নিউ ষ্টেণ্ডডাৰ চাইকেল কোঙৰ ওপৰৰ টিন কাটি ভিতৰত প্ৰৱেশ কৰে । পিছত এই দুই ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে তিনিচুকীয়া সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । চোৰৰ এই সকলো কাণ্ড ব্য়ৱসায়িক প্ৰতিষ্ঠানখনত থকা চিচি টিভিত বন্দী হয় (CCTV) । আৰক্ষীয়ে এই  চিচি টিভিত বন্দী হোৱা ফুটেজ পৰীক্ষা কৰি চোৰটোক গ্ৰেপ্তাৰ কৰে । 

এই এজাহাৰৰ ভিত্তিত ২৪ ঘণ্টাৰ ভিতৰতে উদ্দীপ দাস নামৰ চোৰটোক তিনিচুকীয়া আৰক্ষীয়ে গুইজানৰ পৰা গ্ৰেপ্তাৰ কৰে (Theft arrested at Guizan in Tinsukia)। তিনিচুকীয়া আৰক্ষীয়ে লগতে উদ্ধাৰ কৰে চুৰি সামগ্ৰী ৷ ধৃত উদ্দীপ দাসৰ পৰা আৰক্ষীয়ে ৫৯, ৫০০ টকা নগদ ধনসহ কিছু চুৰি সামগ্ৰী উদ্ধাৰ কৰে । তদুপৰি চুৰিকৰ্য সংঘটিত কৰাৰ সময়ত পৰিধান কৰা পোচাকো জব্দ কৰিবলৈ সক্ষম হোৱা বুলি সদৰী কৰিছে সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁয়ে । তেওঁ লগতে অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰখা বুলি কয় ৷

ইফালে, তিনিচুকীয়া আৰক্ষীয়ে কথা দিয়া মতেই ২৪ ঘণ্টাৰ ভিতৰত চুৰিকাণ্ড সংঘটিত কৰা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰিসামগ্ৰী উদ্ধাৰ কৰাক লৈ দুই ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে তিনিচুকীয়া আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে ৷ দুই ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে কয় যে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে এই পদক্ষেপ গ্ৰহণ কৰা বাবে চোৰক গ্ৰেপ্তাৰ কৰা সম্ভৱ হৈছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.