thumbnail

By

Published : May 12, 2023, 9:02 PM IST

ETV Bharat / Videos

The Kerala Story Controversy: চিনেমাক লৈ ৰাজনীতি নকৰিববলৈ আহ্বান বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ

বৰপেটা, ১২ মে’ : "দ্য কেৰালা ষ্ট’ৰীত ৰাজনীতিৰ গোন্ধ ওলাইছে ৷ চিনেমাক চিনেমা হৈ থাকিবলৈ দিব লাগে ৷ চিনেমাক লৈ ৰাজনীতিবিদসকলে ৰাজনীতি কৰিব নালাগে ৷ অন্যথা চিনেমাত ৰাজনীতিকৰণ কৰিলে বলীউডকে ধৰি যিসমূহ চিনেমাৰ উদ্যোগ আছে সেইসমূহত ক্ষতি হ’ব ৷  বৰ্তমান সময়ত কিছু সংখ্যক চলচ্চিত্ৰ নিৰ্মাতাই একাংশ ৰাজনীতিবিদৰ আশীৰ্বাদ পাবলৈ বক্ৰপথেৰে চিনেমা নিৰ্মাণ কৰি ৰাজনীতিকৰণ কৰা দেখা গৈছে ৷" শেহতীয়াকৈ দেশজুৰি চৰ্চা লাভ কৰা চচ্চিত্ৰ দ্য কেৰালা ষ্ট’ৰী সম্পৰ্কত বিধায়ক জাকিৰ হুছেইন শিকদাৰে এই মন্তব্য প্ৰকাশ কৰে (MLA Jakir Hussain Shikdar on the kerala story) ৷  

পশ্চিমবংগত এই চলচ্চিত্ৰখন নিসিদ্ধ কৰা কথাকলৈ বিধায়কগৰাকীয়ে কয়, ‘‘চিনেমাখন মই চোৱা নাই ৷ চোৱাৰ পিচতহে মই চিনেমাখন নিষিদ্ধ কৰিব লাগে নে চাব লাগে তেতিয়াহে ক’ব পাৰিম’’ (The Kerala Story Controversy) ৷

লগতে অসমীয়া চলচ্চিত্ৰ জগতত বহিৰাগতৰ দপদপনি সম্পৰ্কত চিনেমা হলৰ স্বত্বাধিকাৰীসকলে উত্থাপন কৰা অভিযোগj বিষয়ে বিধায়কগৰাকীয়ে কয় যে, অসমত থকা চিনেমা হলসমূহত সদায় অসমীয়াৰ প্ৰভুত্ব চলিব লাগে (The Kerala Story Controversy news) ।

লগতে পঢ়ক: The Kerala Story Week Collection : দ্য কেৰালা ষ্ট’ৰীয়ে বক্স অফিচত ৰচিলে ইতিহাস, এসপ্তাহত ইমান কোটি টকা উপাৰ্জন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.