Satradhikar Pitambar Deva Goswami: শংকৰদেৱ কলাক্ষেত্ৰত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ ৬৫ সংখ্যক জন্মতিথি পালন

By

Published : May 29, 2023, 2:43 PM IST

Updated : May 29, 2023, 3:05 PM IST

thumbnail

গুৱাহাটী, ২৯ মে': আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ড৹ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ ৬৫ সংখ্যক জন্মতিথি উপলক্ষে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত দেওবাৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয় (Satradhikar Pitambar Deva Goswami at Guwahati)। সদৌ অসম ভাওনা সন্মিলনৰ গুৱাহাটী শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠানৰ (Satradhikar of SriSri Auniati Satra)। অনুষ্ঠানত সত্ৰাধিকাৰগৰাকীৰ উপৰিও উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ লগতে গুৱাহাটী আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য অমৰজ্যোতি চৌধুৰী ।

ড৹ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ ৬৫ সংখ্যক জন্মতিথিৰ লগত সংগতি ৰাখি শিক্ষা, সংস্কৃতি, সংবাদ, কৃষিৰ লগতে আন আন ক্ষেত্ৰসমূহৰ মুঠ ৬৫ গৰাকী বিশিষ্ট ব্যক্তিক এই অনুষ্ঠানত বিশেষ সম্বৰ্ধনা জনোৱা হয় । এন কে টিভিৰ কনচালটিং এডিটৰ প্ৰণয় বৰদলৈ, নিউজ লাইভৰ মুখ্য সম্পাদক জাৰিৰ হুচেইন, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা, লিখক তথা অভিনেতা জয়ন্ত দাস, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় এই বিশেষ সম্বৰ্ধনা । উক্ত অনুষ্ঠানতেই উত্তৰ গুৱাহাটীৰ কেইবাখনো নৃত্য বিদ্যালয়ৰ মুঠ ১০০ গৰাকী শিক্ষাৰ্থীয়ে পৰিবেশন কৰে সূত্ৰধাৰ নৃত্য ।

লগতে পঢ়ক: Rajabahar Govt school principal news:তিতাবৰৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ সন্ত্ৰাস

Last Updated : May 29, 2023, 3:05 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.