Tezpur Facebook Page Owner Arrest : নাৰীদেহ ব্যৱসায়ৰ চৰজমিন তদন্ত কৰিবলৈ গৈ দশা বেয়া হ’ল ফেচবুক পেজৰ মালিকৰ

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 10:00 PM IST

thumbnail

তেজপুৰ, ১৪ নৱেম্বৰ : ফেচবুকত এটা পেজ আছে ৷ পেজটোৰ নাম Biswajit FB Page. পেজটোৰ স্বত্বাধিকাৰী ঢেকিয়াজুলীৰ বিশ্বজিৎ বিশ্বাস ৷ সমাজত চলি থকা অন্যায় দুৰ্নীতিৰ বিৰুদ্ধে মাত এষাৰ দিওঁ বুলি তেওঁ য’তে-ত’তে প্ৰৱেশ কৰি মোবাইল ফোনত ভিডিঅ’ প্ৰস্তুত কৰে আৰু নিজৰ পেজটোত আপলোড কৰে ৷ কেতিয়াবা যদি সুৰাৰ ঘাটি বিচাৰি যায়, কেতিয়াবা যায় নাৰীদেহ ব্যৱসায়ী চক্ৰ বিচাৰি ৷ এইবোৰ কৰি থাকোতে মঙলবাৰে এখন ঘৰৰ গৃহস্থ আৰু আৰক্ষীৰ ৰোষত পৰিল বিশ্বজিৎ বিশ্বাস ৷

তেজপুৰৰ হজাৰাপাৰৰ এখন ঘৰত মঙলবাবে হঠাৎ এন্ট্ৰী মাৰিলে বিশ্বজিতে ৷ ঘৰখনৰ ভিতৰত এফালৰ পৰা ভিডিঅ’ প্ৰস্তুত কৰিলে ৷ বিশ্বাসে শুনা মতে হেনো ঘৰখনত নাৰীদেহৰ ব্যৱসায় চলে ৷ তাৰেই চৰজমিন তদন্ত কৰিবলৈ যোৱা বিশ্বজিতক ঘৰখনৰ গৃহস্থই আৱদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে ৷ সাংবাদিকতাৰ অ-আ নজনাকৈ আনৰ ঘৰত প্ৰৱেশ কৰা বিশ্বজিতক গাড়ীত ভৰাই লৈ গ’ল লালমাটি আৰক্ষী চকীৰ লোকে ৷

লগতে পঢ়ক : BJP leader arrested: বহু ধনৰ লোভে লক্ আপ পোৱালেগৈ বিজেপি নেতা কেৰামতক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.