thumbnail

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 8:53 PM IST

ETV Bharat / Videos

ৰাজপথলৈ ওলাই আহিল শিক্ষক সমাজ

মাজুলী, 22 নৱেম্বৰ:  নিজৰ প্ৰাপ্যৰ দাবীত শ্ৰেণী কোঠা এৰি ৰাজপথলৈ ওলাই আহিল ৰাজ্যৰ শিক্ষক-শিক্ষয়ত্ৰীসকল ৷ সদৌ অসম টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত সকলো ঠিকা ভিত্তিক প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ দাবীৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মাজুলীত টেট শিক্ষকসকলে দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আইন সংশোধন কৰি হ'লেও বিনাচৰ্তে বেতন সুৰক্ষাসহ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী উত্থাপন কৰে টেট শিক্ষকসকলে ৷ অন্যথা অনাগত দিনত সদৌ অসম টেট উৰ্ত্তীণ শিক্ষক সমাজে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে ।

বুধবাৰে প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজে মাজুলীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ণ কৰে। 

লক্ষণীয় যে, যোৱা 12 নৱেম্বৰত অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে শিক্ষকসকলৰ নিয়মীয়াকৰণৰ প্ৰসংগত দিয়া মন্তব্যৰ পিচতে হতাশ হৈছে শিক্ষকসকল । মন্ত্ৰীগৰাকীয়ে দিয়া মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি শিক্ষকসকলে শ্ৰেণীকোঠা এৰি প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহে ৷

লগতে পঢ়ক: নিজ প্ৰাপ্যৰ দাবীত বিদ্যালয় এৰি পথত বহিল শিক্ষক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.