thumbnail

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 7:46 AM IST

Updated : Dec 3, 2023, 9:52 AM IST

ETV Bharat / Videos

মৰিয়নীৰ কাটনীবাৰীত নিশা বন্যহস্তীয়ে ভাঙিলে কেইবাটাও বাসগৃহ

মৰিয়নী, 3 ডিচেম্বৰ : খাদ্যৰ সন্ধানত গিবন অভয়াৰণ্য পৰা ওলাই অহা বন্যহস্তীয়ে মৰিয়নীৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে উপদ্ৰৱ ৷ শনিবাৰে নিশা মৰিয়নীৰ কাটনীবাৰীত বন্যহস্তীয়ে উপদ্ৰৱ চলায় ৷ বনৰীয়া হাতীয়ে ভাঙি তচনচ কৰিলে কাটনীবাৰীৰ অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ৷ আনহাতে বন্যহস্তীয়ে আক্ৰমণ কৰাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে ৰাজ তাঁতীসহ তেওঁৰ পত্নী আৰু সন্তানৰ ।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত বন্যহস্তীয়ে উপদ্ৰৱ চলোৱা লগতে এটা মাহত তিনিবাৰকৈ ৰাজ তাঁতী নামৰ লোকজনৰ ঘৰ বনহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিছে ৷ কিন্তু অতি দুৰ্ভগ্যৰ বিষয় যে বন্যহস্তী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইফালে বন্যহস্তীৰ বাবে উজাগৰী নিশা কটাবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷ 

লগতে পঢ়ক : মৰিয়নীৰ ৰাজপথত বন্যহস্তীৰ উপদ্ৰৱ

Last Updated : Dec 3, 2023, 9:52 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.