Python found at Guwahati : পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি বোন্দাত অজগৰৰ আতংক

By

Published : Jun 12, 2023, 10:11 AM IST

thumbnail

গুৱাহাটী, 11 জুন : মহানগৰীৰ বোন্দাত এডাল অজগৰ সাপে সৃষ্টি কৰিছে আতংকৰ ৷ দেওবাৰৰ পুৱাৰ ভাগত মহানগৰীৰ বোন্দা আমগাঁও অঞ্চলত এঘৰ লোকৰ ঘৰত এডাল প্ৰকাণ্ড অজগৰ সাপ ওলোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় আতংকময় পৰিৱেশৰ । জানিব পৰা মতে, আমগাঁৱৰ বাসিন্দা ছবিলাল শৰ্মাৰ ঘৰৰ চৌহদত থকা মূৰ্গীৰ গৰালত সমীপৰ হাবিৰ পৰা অহা এডাল অজগৰ সাপে সোমোৱাৰ পিচতে অঞ্চলজুৰি সৃষ্টি হয় আতংকময় পৰিৱেশৰ (Python rescued in Guwahati) ।

অজগৰডালে কেইবাটাও কুকুৰা গোটে গোটে ভক্ষণ কৰে বুলি ছবিলাল শৰ্মাৰ পুত্ৰ খগেন শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । ইয়াৰ পিচতে স্থানীয় কেইজনমান যুৱকে অতি তৎপৰতাৰে অজগৰটো খেদি পঠিয়াবলৈ সক্ষম হয় বুলি জানিবলৈ পৰা গৈছে । অঞ্চলটোত দীৰ্ঘদিন ধৰি এই অজগৰডালে জীৱ-জন্তু ভক্ষণ কৰি অঞ্চলজুৰি সন্ত্ৰাস চলায় আহিছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে (terror of Python in Guwahati)৷ 

লগতে পঢ়ক : গুৱাহাটীত 'ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ এডভান্সড ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জাৰী' উন্মোচন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.