মহানগৰীৰ ফটাশিলত নাহৰফুটুকীৰ আক্ৰমণত আহত তিনিজন

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 1:32 PM IST

thumbnail

গুৱাহাটী, 19 ডিচেম্বৰ : মঙলবাৰে পুৱাৰ ভাগতে নাহৰফুটুকীৰ বিচৰণক লৈ আতংকিত হৈ পৰে গুৱাহাটী মহানগৰীৰ এটা অঞ্চলৰ বাসিন্দা ৷ উল্লেখ্য যে, মহানগৰীৰ ফটাশিল জি এছ কলনিত নাহৰফুটুকীৰ আক্ৰমণত আহত হয় তিনিজনকৈ লোক ৷

ঘটনা অনুসৰি, ফটাশিল জি এছ কলনিৰ শ্যামল দাস নামৰ ব্যক্তিজনৰ বাসগৃহত বিচৰণ কৰি আছিল নাহৰফুটুকীটো । উক্ত বাসগৃহটোৰ প্ৰথমহলাত নাহৰফুটুকীটোৱে অৱস্থান কৰি আছিল ৷ ইফালে নাহৰফুটুকীটোৱে প্ৰথমে এজন শ্ৰমিকক আক্ৰমণ কৰে ৷ ফলত আহত হয় শ্ৰমিকজন ৷

আনহাতে, স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ লোক ৷ ইফালে, বন বিভাগৰ লোকে নাহৰফুটুকীটোক বন্দী কৰিবলৈ চেষ্টা কৰোতে বনকৰ্মীক আক্ৰমণ কৰে নাহৰফুটুকীটোৱে ৷ ফলত দুজনকৈ বনকৰ্মী আহত হৈছে ৷

ঘন্টাৰ পাচত ঘন্টা ধৰি চলোৱো প্ৰচেষ্টাত অৱশেষত বন বিভাগৰ লোকে নাহৰফুটুকীটোক ট্ৰেংকুইলাইজ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : বিজেপিৰ দুৱাৰত টোকৰ অসমৰ দুগৰাকী বিশেষ নেতাৰ   

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.