তেজপুৰ চকিঘাট দলঙত পথ দুৰ্ঘটনা নিহত যুৱক, মুকলিৰ পূৰ্বেই দলঙখনেৰে চলিছে যান বাহন - road accident on Tezpur Soukighat bridge
🎬 Watch Now: Feature Video


Published : Dec 16, 2023, 9:01 AM IST
তেজপুৰ, ১৬ ডিচেম্বৰ : শুকুৰবাৰে নিশা তেজপুৰ চকিঘাট দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন এজন যুৱক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ নিহত যুৱকজনৰ নাম অমৰ নেৱাৰ আৰু আহত যুৱকজন বিকাশ প্ৰধান বুলি জানিব পৰা গৈছে ৷ নিহত যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
ঘটনা অনুসৰি, এখন বাইকত দুই যুৱক জামুগুৰিহাটৰ পৰা তেজপুৰ অভিমুখে গৈ আছিল ৷ তেনে সময়তে নিয়ন্ত্ৰণ হেৰুৱাই চকিঘাট দলঙৰ ৰেলিঙত খুন্দা মাৰে বাইক আৰোহী যুৱকদ্বয়ে ৷ দুৰ্ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুই যুৱকক ৷ উল্লেখ্য যে, নৱ নিৰ্মিত চকিঘাট দলং বৰ্তমানেও ৰাইজৰ বাবে মুকলি কৰা হোৱা নাই যদিও দলঙখনেৰে যান বাহন চলাচল অব্যাহত আছে ৷
লগতে পঢ়ক : শোণিতপুৰত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা