কাজিৰঙাত ভয়াৱহ পথ দুৰ্ঘটনাত যুৱক নিহত - শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02-12-2023/640-480-20166006-thumbnail-16x9-dds-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 2, 2023, 4:46 PM IST
কাজিৰঙা, ২ ডিচেম্বৰ: কাজিৰঙাৰ কহঁৰা চকীৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে দুপৰীয়া সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ৷ এখন মটৰ চাইকেলেৰে কহঁৰালৈ দুজন যুৱক আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনাটো ৷ AS 05S 3472 নম্বৰৰ মটৰ চাইকেলেৰে কাজিৰঙাৰ দিৰিঙৰ তন্ময় নাথ আৰু কৃষ্ণ মুড়া নামৰ যুৱকদ্বয় কঁহৰালৈ আহি থাকোতে চেপনাকোবোৱা এলেকাত পিছপিনৰ পৰা অহা এখন গুৱাহাটী অভিমুখী বাহনে তীব্ৰবেগে খুন্দা মাৰে ৷ ফলত দুয়োজন যুৱক পথৰ ওপৰতে ছিটিকি পৰে ৷ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত তন্ময় নাথৰ (২৩) ঘটনাস্থলীতে মৃত্যু হয় ৷
আনহাতে, দুৰ্ঘটনাটোত আহত কৃষ্ণ মুড়া নামৰ যুৱকজনক ৰাইজে সংকটজনক অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ কঁহৰাস্থিত শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইপিনে, চিকিৎসালয়খনত কৃষ্ণক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাটলে স্থানান্তৰ কৰে ৷ কাজিৰঙাৰ দিৰিঙৰ নিৱাসী প্ৰয়াত টংকেশ্বৰ নাথৰ পুত্ৰ অমায়িক তন্ময়ৰ মৃত্যুত কাজিৰঙাত শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়ক:সোণাপুৰৰ ক্ষেত্ৰীত ট্ৰেভেলাৰ-স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ, দুজন নিহত