Road accident at Phuloni : ফুলনিৰ পথ দুৰ্ঘটনাত থিতাতে নিহত টেম্প’ চালক - এক পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-11-2023/640-480-19937994-thumbnail-16x9-diphu.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 4, 2023, 8:47 AM IST
|Updated : Nov 4, 2023, 9:54 AM IST
ডিফু, 4 নৱেম্বৰ : কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত ফুলনিৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত অঘটন ৷ শুকুৰবাৰে ফুলনি বন বিষয়া কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এক পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয় ৷ নিহত ব্যক্তিজন জাইপঙৰ পইচা ইংতি গাঁৱৰ নিৱাসী ধনছিং ইংতি বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিবৰণি অনুসৰি, ডিফু দিশৰ পৰা নগাঁও অভিমুখে আহি আছিল AS02D6353 নম্বৰৰ এখন এল্ট’ বাহন ৷ তেনেতে ফুলনিৰ পৰা লাংহিন অভিমুখে একেটা দিশৰে গৈ আছিল AS25BC8489 নম্বৰৰ এখন টেম্প’ বাহনো ৷ হঠাৎ এল্ট’ বাহনখনে টেম্প’খনক পিচফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ৷ এই দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় টেম্প’ চালক ধনছিং ইংতি ।
জানিব পৰা মতে, টেম্প’খনত আছিল চালক ধনছিং ইংতিৰ পত্নী আৰু এগৰাকী মহিলা ৷ এই দুৰ্ঘটনাটোত টেম্প’ চালক ধনছিং ইংতিৰ পত্নীসহ আন এগৰাকী মহিলাও গুৰুতৰভাৱে আহত হয় । আহত দুই মহিলা ক্ৰমে জাইপঙৰ পইচা ইংতি গাঁৱৰ নিৱাসী কাৰেং কিলিংপী আৰু বকলীয়াঘাট চিকাৰী গেটৰ নিৱাসী অম্ফু কিলিংপীক ফুলনি প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
নিহত ধনছিং ইংতিৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক : Wazed Ali Choudhury on Badruddin Ajmal; বদৰুদ্দিন আজমল মানসিক বিকাৰগ্ৰস্ত ব্যক্তি : ৱাজেদ আলী চৌধুৰী