Fire broke out in Guwahati : মহানগৰীত চলন্ত ৰে’লৰ ডবাত ভয়ংকৰ অগ্নিকাণ্ড - অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ
🎬 Watch Now: Feature Video
গুৱাহাটী, ১১ মাৰ্চ : শনিবাৰে বিয়লি মহানগৰীৰ ৰে’লপথত হঠাৎ দাউদাউকৈ জ্বলি উঠিল এখন চলন্ত ৰে’লগাড়ী (Fire broke out in a moving train in Guwahati) । মহানগৰীৰ চানমাৰি উৰণীয়া সেতুৰ তলতে সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । ফলত ক’লা ধোঁৱাই চানি ধৰে সমগ্ৰ চানমাৰি অঞ্চলটো । এই অগ্নিকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ চানমাৰি অঞ্চলজুৰি এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।
বিৱৰণি অনুসৰি, শনিবাৰে বিয়লি প্ৰায় ৬:৩০ বজাত নিউ গুৱাহাটীৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল নামনিমুৱা বেংগালুৰু এক্সপ্ৰেছ ৰে’ল গাড়ীখন ৷ তেনেতে হঠাৎ ১২৫১০ নম্বৰ বাংগালুৰু এক্সপ্ৰেছত অগ্নিৰ সূত্ৰপাত ঘটে ৷ ফলত নিমিষতে ডুই লেলিহান শিখাই ৰে’লখনৰ এটা ডবা চানি ধৰে ৷
পৰৱৰ্তী পৰ্য়ায়ত এই জুই আন এটা ডবালৈয়ো সম্প্ৰসাৰণ হয় ৷ অৱশ্যে বৰ্তমানলৈকে এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই ৷ এই ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন ৷ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় ।
এই অগ্নিকাণ্ডৰ ফলত উজনি নামনি মুৱা ৰে’ল সেৱা ব্যাহত হৈ পৰে । তথ্য অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱা ৰে’লখন কাইলৈ পুৱা গুৱাহাটীৰ পৰা বেংগলুৰুলৈ যোৱা কথা আছিল ।
লগতে পঢ়ক : Baresahariya Bhaona Controversy: বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হোছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি