Erosion of Barak River: বৰাক নদীৰ খহনীয়াত গৃহহীন বহু পৰিয়াল - Erosion of Barak River
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18201746-thumbnail-16x9-cachar-aspera.jpg)
কাছাৰ, ৮ এপ্ৰিল: ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বৰাক নদীৰ খহনীয়াই । আতংকিত হৈ উঠিছে নৈপৰীয়া ৰাইজ । কাছাৰ জিলাৰ বৰাখলাৰ শ শ পৰিয়াল গৃহহীন হৈ পৰিছে বৰাক নদীৰ খহনীয়াত (Terrible erosion of Barak River at Barkkhali in Cachar) । বৰাখলা জয়নগৰ গাঁও পঞ্চায়তৰ পশ্চিম কুমাৰপাৰা অঞ্চলত বৰাক নদীৰ খহনীয়াত ঘৰ-ভেটি হেৰুৱাই অসহায় হৈ পৰিছে নৈপৰীয়া ৰাইজ । বহু কেইটা পৰিয়ালে ইতিমধ্য়েই নিৰাপদ স্থানলৈ যাত্ৰা কৰিছে যদিও আন কেইবাটাও পৰিয়ালে এতিয়াও শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে (Erosion of Barak River) ।
বাৰে বাৰে জন প্ৰতিনিধিক খহনীয়া ৰোধৰ বাবে আহ্বান জনাই আহিছে যদিও আশ্বাসতে সীমাবদ্ধ হৈ ৰৈছে সকলো । আজিলৈকে খহনীয়াগ্ৰস্তৰ কাষত উপস্থিত হোৱা নাই এজনো জনপ্ৰতিনিধি । সেয়ে উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে খহনীয়াগ্ৰস্ত ৰাইজ (Barak River erosion) । সংবাদ মাধ্যমৰ জৰিয়তে ভয়াৱহ খহনীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarmah) দৃষ্টিগোচৰ কৰি শীঘ্ৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে নৈপৰীয়া ৰাইজে ।
লগতে পঢ়ক: Nalbari Bihu Workshop: নলবাৰীৰ বৰতলাত প্ৰসিদ্ধ বিহুৱা জয়ন্ত সোণোৱালে নচুৱালে নাচনীক