Constituency Delimitation: ৰাজনৈতিক অভিসন্ধিৰ বাবে টীয়কৰ সৰহ সংখ্যক স্থান অন্য সমষ্টিত জাপি দিয়াৰ অভিযোগ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 25, 2023, 7:19 PM IST

টীয়ক, 25 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টীয়কৰ দল-সংগঠন, সচেতন মহলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ টীয়কৰ ঐতিহাসিক স্থান সমূহ অন্য সমষ্টিত অন্তৰ্ভুক্ত কৰাক লৈ ক্ষোভিত হৈ পৰিছে সাধাৰণ জনতা ৷ ৰাজনৈতিক অভিসন্ধিৰ বাবে টীয়কৰ সৰহ সংখ্যক স্থান অন্য সমষ্টিত জাপি দিয়াৰ অভিযোগ কৰিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় সচেতন মহলে ৷

উল্লেখযোগ্য যে, টীয়ক সমষ্টিৰ নামটো কেৱল টীয়ক ৰাখি টীয়কৰ প্ৰায় 70 শতাংশ অঞ্চল বৰ্তমান মৰিয়নি সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে; যি অনাগত দিনত ৰাইজৰ বিভিন্ন কাম-কাজত অসুবিধাৰ সৃষ্টি হ’ব বুলি আশংকা প্ৰকাশ কৰিছে ৷ লগতে বৰ্তমান টীয়ক সমষ্টিৰ সীমা প্ৰায় পঞ্চাছ কিলোমিটাৰ ব্যাসাৰ্দ্ধৰ হোৱাৰ লগতে ঠায়ে ঠায়ে অন্য সমষ্টিৰ অঞ্চল অন্তৰ্ভুক্তি হোৱাৰ বাবে সমষ্টিটোৰ বৰ্তমান মানচিত্ৰখন অংকনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ 

বিশেষকৈ টীয়ক নগৰখন কেৱল টীয়ক সমষ্টিত অন্তৰ্ভুক্ত কৰি বাকী দাঁতিকাষৰীয়া অঞ্চলসমূহ মৰিয়নি সমষ্টিৰ অন্তৰ্ভুক্ত কৰাৰ ফলত নগৰৰ উন্নয়নতো যতি পৰিব বুলি অনুভৱ কৰিছে স্থানীয় ৰাইজে ৷ লগতে শাসকীয় দলে নিজৰ গাদী সুৰক্ষাৰ স্বাৰ্থত এইদৰে সমষ্টিসমূহৰ সীমা স্থানীয় দল- সংগঠন তথা ব্যক্তি বিশেষৰ মতামত নোলোৱাকৈ আসোঁৱাহপূৰ্ণভাৱে প্ৰস্তুত কৰাৰো অভিযোগ উত্থাপন হোৱাৰ সমান্তৰালকৈ এই ক্ষেত্ৰত জাতীয় সংগঠন বিশেষকৈ আছুৰ মৌনতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে ৷

সেয়ে ৰাইজে এই সমস্যা তথা আসোঁৱাহসমূহ লৈ নিৰ্বাচনী আয়োগৰ শুনানিত আবেদন দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আয়োগেও এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰি ৰাইজৰ সুবিধাৰ্থে সীমা নিৰ্ধাৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷ 

লগতে পঢ়ক: New Constituency in Dibrugarh : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ সুখী বিধায়ক চক্ৰধৰ গগৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.