Tense situation Mayang: সোপাধৰাৰ সন্দেহত উত্তেজিত ৰাইজে ভাঙিলে বাহন - মৰিগাঁও মায়ঙৰ বৰদলনিত উত্তেজনা
🎬 Watch Now: Feature Video

মৰিগাঁও মায়ঙৰ বৰদলনিত উত্তেজনা(Tense situation in Mayang Bardalani) । সোপাধৰাৰ সন্দেহত এজন লোকক প্ৰহাৰ কৰে উত্তেজিত ৰাইজে(Tense situation over Sopadhara) ৷ জানিব পৰা মতে বহা বৰঝাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন ছাত্ৰ ঘৰলৈ যোৱাৰ সময়ত এখন অটোত উঠিছিল ৷ কিন্তু অটোখনৰ চালকজনে ছাত্ৰ দুজনক ঘৰৰ কাষত নমাই নিদি গুৱাহাটী অভিমুখে লৈ গৈ থকাৰ বাবেই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হ’বলৈ পায় ৷ উত্থাপিত অভিযোগ অনুসৰি অটোখনৰ চালকজনে অটোখন নিৰ্ধাৰিত স্থানত নৰখোৱা বাবেই এজন ছাত্ৰই চলন্ত অটোৰ পৰা জপিঁয়াই দিয়ে । আনজনক অটোৰ পৰা নমাই নিদিয়াৰ ফলত বৰদলনিত অটোখন আগচি ধৰে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে । তাৰ পিছতেই উত্তেজিত ৰাইজে ভাঙি দিয়ে বাহনখন । বৰ্তমান জাগীৰোড আৰক্ষীৰ জিম্মাত আছে অটোচালক ৰবিন কোঁচ । অটোচালকজনৰ ঘৰ গুৱাহাটীৰ বাঘৰবড়ীত ।
Last Updated : Feb 3, 2023, 8:34 PM IST