Public attack on police van : পথ দুৰ্ঘটনাত মৃত্যু তিনি যুৱকৰ; আৰক্ষীৰ বাহনত আক্ৰমণ ক্ষুব্ধ ৰাইজৰ
🎬 Watch Now: Feature Video
নগাঁও, 11 এপ্ৰিল: এক ভয়ংকৰ পথ দুর্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁৱৰ ডিমৰুগুৰিত | নিশা স্কুটী আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ পাচতেই সৃষ্টি হয় এই উত্তেজনাৰ ৷ পথ দুর্ঘটনাটোত থিতাতে নিহত হয় 3 জন যুৱক ৷ তীব্ৰবেগী ট্ৰাকৰ খুন্দাতেই যুৱক তিনিজনৰ মৃত্যু হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ (Tense Situation in Nagaon) ৷
নিহত যুৱক ক্ৰমে পংকজ দাস, মুন্না দাস আৰু বিক্ৰম দাস বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত নিহত তিনিওগৰাকীৰে ঘৰ নগাঁৱৰ ডিমৰুগুৰিত (Tense Situation in Nagaon For Road Accident) ৷ দুৰ্ঘটনাটোত অঞ্চলটোৰ তিনিগৰাকীকৈ যুৱকৰ মৃত্যু হোৱাৰ পিচতেই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷
সুৰাৰ ৰাগীত মাতাল হৈ ট্ৰাক চালকজনে দুর্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে (Tense Situation at Dimoruguri in Nagaon) ৷ আনকি উত্তেজিত জনতাই ঘেৰাও কৰে আৰক্ষীৰ বাহন ৷ ঘটনাস্থলীত উপস্থিত হোৱা যান-বাহন আৰক্ষীৰ বাহনতো আক্ৰমণৰ চেষ্টা চলাই একাংশ উত্তেজিত লোকে (Road Accident at Dimoruguri in Nagaon) ৷
দুর্ঘটনাটোত প্ৰথমাৱস্থাত পথৰ ওপৰতে পৰি থকা যুৱক তিনিজনক চিকিৎসালয়লৈ নিবলৈ ১০৮ মৃত্যুঞ্জয় সেৱালৈ কেইবাজনো লোকে ফোন কৰে যদিও সময়ত ১০৮ সেৱাও উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন স্থানীয় লোকে ৷ যাৰ বাবে আৰু অধিক উত্তেজিত হৈ পৰে লোকসকল (Road Accident in Nagoan) ৷
লগতে পঢ়ক : Chabua Road Accident Case : ডিকমত ক্ষোভিত ৰাইজে জ্বলালে আৰক্ষীৰ বাহন