thumbnail

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 10:51 PM IST

ETV Bharat / Videos

Barnagar College students union election : বৰনগৰ মহাবিদ্যালয়ত আছুৰ বিজয় সমদলক লৈ এবিভিপিৰে সংঘাত

বৰপেটাৰোড, ১১ নবেম্বেৰ : বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়লাভ কৰে । শনিবাৰে আছুৱে সৰভোগত বিজয় উল্লাসৰ এক সমদল উলিয়ায়  ৷ এই সমদলত এবিভিপিৰ সদস্যই শিল আৰু ফটকা নিক্ষেপ কৰা বুলি আছুৱে অভিযোগ উত্থাপন কৰে ৷ ফলত আছু আৰু এবিভিপিৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় । পৰৱৰ্তী সময়ত আছু আৰু এবিভিপিৰ মাজত এই লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

এই ঘটনাত সৰভোগৰ বিজেপি নেতা তথা বৰ্তমানৰ সৰভোগ পৌৰসভাৰ উপ-পৌৰপতি সম্পদ দাসৰ পত্নী তথা বিজেপি নেত্ৰী অঞ্জলি দাস আৰু তেওঁৰ পুত্ৰই বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি আৰক্ষীৰ সন্মুখতে ছাত্ৰ সন্থাৰ সদস্যক লোৰ ৰডেৰে আক্ৰমণ কৰে বুলি আছু সদস্যই অভিযোগ কৰে । বিজেপি নেত্ৰীয়ে লোৰ ৰডেৰে আক্ৰমণ কৰে ছাত্ৰ সন্থাৰ সদস্য দুজন মৃণাল তালুকদাৰ আৰু পলাশ দাসক । অৱশ্য়ে বিজেপি নেত্ৰী গৰাকীৰ আক্ৰমণত কথমপি ছাত্ৰ দুজনৰ প্ৰাণ ৰক্ষা পৰে ৷  

সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা সৰভোগ আৰক্ষীয়ে শান্ত কৰিব নোৱাৰিলে উগ্ৰমূৰ্তি ৰূপ ধাৰণ কৰা বিজেপি নেত্ৰী অঞ্জলি দাসক । উল্লেখ্য যে বিজেপি নেত্ৰী অঞ্জলি দাস সৰভোগ পৌৰসভাৰ ৩ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ  ৷  ইপিনে, ছাত্ৰ সন্থাৰ সদস্যক লোৰ ৰডেৰে আক্ৰমণ কৰা বিজেপি নেত্ৰী অঞ্জলি দাসক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে বৰনগৰ আছুৰ লগতে বৰপেটা জিলাৰ আছুৰ সাধাৰণ সম্পাদক অবিনাশ কুমাৰে ।

লগতে পঢ়ক:Congress Leaders Join BJP : কাৰ ষড়যন্ত্ৰৰ বলি হৈ কংগ্ৰেছ ত্যাগ কৰিলে সুৰেশ বৰাই ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.