Heated situation in Tinsukia: তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি - সৌমাৰজ্যোতি বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18521343-thumbnail-16x9-tsk-aspera.jpg)
তিনিচুকীয়া, ১৬ মে': বাণিজ্যিক চহৰ তিনিচুকীয়াৰ এখন আগশাৰী শিক্ষা অনুষ্ঠান সৌমাৰজ্যোতি বিদ্যালয় ৷ এই বিদ্যালয়ত সমগ্ৰ তিনিচুকীয়া তিনিচুকীয়া জিলাৰ ভিতৰতে যথেষ্ট সুনাম আছে (Tense situation at Soumarjyoti School in Tinsukia) । কিন্ত আশ্চৰ্যকৰ বিষয় যে এই বিদ্যালয়খন এতিয়া সোমাই পৰিছে বিতৰ্কৰ মাজত । জানিব পৰা মতে যোৱা ১০ মে'ত অষ্টম শ্ৰেণী অধ্যয়নৰত ছাত্ৰ এজনক প্ৰহাৰ কৰা অভিযোগ উত্থাপিত হৈছে সহকাৰী শিক্ষকৰ পাৰ্থজ্যোতি চেতিয়াৰ বিৰুদ্ধে (Teacher accused of beating up student) ।
পূৰ্বতেও দুই এটা সৰু সুৰা প্ৰহাৰৰ কথাত শিক্ষকগৰাকীক সতৰ্ক কৰি থকা হৈছিল বুলি অভিযোগ উত্থাপন কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই । তৎস্বতেও এই ঘটনাৰ পুনৰাবৃত্তি ঘটাত এই সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিয়ে আলোচনা কৰি বিদ্যালয়ৰখনৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে সহকাৰী শিক্ষকজনক বৰ্খাস্ত কৰাৰ জাননী প্রদান কৰে (Heated situation in Tinsukia) ।
ইফালে শিক্ষকগৰাকীক বৰ্খাস্ত কৰাৰ সিদ্ধান্তৰ বিষয়ে বিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে অৱগত হোৱাৰ পাছতেই বিদ্যালয়খনত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে সহকাৰী শিক্ষকজনৰ গাত কোনো দোষ নাই বুলি সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে । পৰৱৰ্তী সময়ত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ আৰক্ষী বিদ্যালয়খনত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ নিয়ন্ত্ৰণ কৰে ।
লগতে পঢ়ক: Nalbari Murder Case: পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পন স্বামীৰ