Tense Situation In Lahowal: ছাত্ৰ নেতাক আটক কৰাক লৈ লাহোৱালত নিশা উত্তপ্ত পৰিস্থিতি - উত্তপ্ত পৰিস্থিতি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 29, 2023, 12:12 PM IST

ডিব্ৰুগড়, 29 জুন: বন্ধ দিয়াৰ বাবে ছাত্ৰ নেতাক আটক কৰাক লৈ লাহোৱালত নিশা উত্তপ্ত পৰিস্থিতি ৷ ১২ ঘণ্টীয়া বন্ধ কাৰ্যসূচীৰ বাবে আৰক্ষীয়ে আটক কৰিলে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিকৰ সমিতিৰ সভাপতি মনোজ গগৈক ৷

ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে সমষ্টিৰ ৰাইজে বুধবাৰে পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ 12 ঘন্টীয়া বন্ধৰ আহ্বান জনাইছিল ৷ লাহোৱাল সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে দিয়া 12 ঘন্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা গৈছিল ৷ 12 ঘন্টীয়া বন্ধৰ ফলত লাহোৱালত থকা শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান আদি বন্ধ হৈ পৰে ৷  

ইফালে লাহোৱাল আৰক্ষীয়ে বন্ধ সমৰ্থনকাৰীলৈ আইনী জাননী প্ৰেৰণ কৰিছিল ৷ ইয়াৰ মাজতে লাহোৱাল বিধানসভা সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে বন্ধ ঘোষণা কৰি প্ৰতিবাদ কৰা সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ লাহোৱাল আঞ্চলিকৰ সভাপতি মনোজ গগৈক আটক কৰে আৰক্ষীয়ে ৷ 12 ঘণ্টীয়া বন্ধৰ সময়ছোৱাত ছাত্ৰ নেতাগৰাকীক আটক কৰাক লৈ সন্ধিয়া লাহোৱালত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ আৰক্ষীয়ে সন্ধিয়াৰ ভাগত মনোজ গগৈক আটক কৰা পাছতে সমষ্টিৰ কেইবা শতাধিক লোকে লাহোৱাল থানাত উপস্থিত হৈ পৰিৱেশ উত্তাল কৰি তোলে ৷  

সমষ্টি বিলুপ্তিকৰণ তথা ছাত্ৰ নেতাগৰাকীক আটক কৰাৰ বিৰুদ্ধে ৰাইজে অনুষ্ঠিত কৰে প্ৰতিবাদী সভা ৷ অৱশ্যে ইয়াৰ পাছতেই আৰক্ষীৰ তৰফৰ পৰা প্ৰতিবাদকাৰী সকলক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায় আৰু শীঘ্ৰেই ছাত্ৰ নেতাজনক মুকলি কৰি দিয়াৰো আশ্বাস দিয়ে ৷

লগতে পঢ়ক: MP Gaurav Gogoi at Dergaon: খচৰা প্ৰস্তুত কৰোঁতে বিদ্যুৎ বিচ্ছিন্ন হৈছিল সেয়েহে সমষ্টিৰ নক্সাই সলনি কৰি পেলালে; গৌৰৱ গগৈ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.