Tense Situation in Dibrugarh : শ্ৰমিকৰ ধন হৰলুকি হোৱাক লৈ ডিব্ৰুগড়ৰ ইণ্ডিয়ান বেংকত উত্তপ্ত পৰিস্থিতি - উত্তপ্ত পৰিস্থিতি
🎬 Watch Now: Feature Video
Published : Sep 30, 2023, 7:51 PM IST
ডিব্ৰুগড়, 30 ছেপ্টেম্বৰ : শ্ৰমিকৰ ধনত চকু দুষ্টচক্ৰৰ ৷ নিৰক্ষৰতাৰ সুযোগ লৈ দুষ্টচক্ৰই শ্ৰমিকৰ একাউন্টৰ পৰা উলিয়াইছে হাজাৰ হাজাৰ টকা ৷ এই ঘটনাক লৈ ডিব্ৰুগড়ৰ ইণ্ডিয়ান বেংকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ভুক্তভোগী গ্ৰাহকে ৷
বেংকৰ পৰা গ্ৰাহকৰ ধন হৰলুকি হোৱাৰ ঘটনাক লৈ শনিবাৰে ডিব্ৰুগড়ৰ ইণ্ডিয়ান বেংকৰ বিষয়াক ঘেৰাও কৰি সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷
বেংকটোৰ গ্ৰাহক চন্দন ছেত্ৰীৰ পৰা ৪০ হাজাৰ টকা, প্ৰয়াত জগত তাঁতীৰ পৰা ৬০ হাজাৰ, সুশীলা কৰ্মকাৰ আৰু জ্যোতি কৰ্মকাৰৰ পৰা ৯০ হাজাৰ টকা হৰলুকি হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ কেৱল এয়াই নহয় মৃত ব্যক্তিৰ একাউন্টৰ পৰাও কৌশলগতভাৱে ধন উলিওৱা বুলি ভুক্তভোগী লোকে প্ৰকাশ কৰে ৷ ইফালে ভুক্তভোগী গ্ৰাহকৰ দাবীৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ৷
লগতে পঢ়ক : Sand mining at Mariani : মৰিয়নীত বালি মাফিয়াৰ দৌৰাত্ম্য, বিমোৰত স্থানীয় ৰাইজ