Tense situation in Nursing Home:সন্তান জন্ম দিয়েই অচিন দেশলৈ গ’লগৈ মাতৃ; কিন্তু কাৰ ভুলৰ বাবে?

🎬 Watch Now: Feature Video

thumbnail

তিনিচুকীয়া, ২৯ আগষ্ট: তিনিচুকীয়াৰ আদিত্য নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি ৷ এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উদ্ভৱ হয় এই পৰিস্থিতিৰ ৷ আদিত্য নাৰ্ছিং হোমৰ চাৰিওফালে মাথো কান্দোনৰ ৰোল ৷ প্ৰসূতিগৰাকীৰ পৰিয়ালৰ অভিযোগ চিকিৎসকৰ ভুলৰ বাবেই তেওঁলোকে হেৰুৱালে মিতালীক ৷ সকলোৱে দাবী কৰিছে আদিত্য নাৰ্ছিং হোম ছীল কৰাৰ ৷

দৰাচলতে মঙলবাৰৰ আবেলি তিনিচুকীয়াৰ আদিত্য নাৰ্ছিং হোমত ন-শৰাই গাঁৱৰ মিতালী দাস নামৰ এগৰাকী প্ৰসূতিৰ চিকিৎসকৰ গাফিলতিৰ কাৰণে মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । মানৱ দাসৰ পত্নী মিতালী দাসৰ সন্তান জন্ম হোৱাৰ পাচত মহন্ত উপাধিৰ এগৰাকী চিকিৎসকৰ গাফিলতিৰ ফলতেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পৰিয়ালৰ লোকৰ চিঞৰ-বাখৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷  

জানিব পৰা মতে মৃত্যু হোৱাৰ পাচত হাত সাৰিবলৈ ডিব্ৰুগড়লৈ প্ৰসূতিগৰাকীক প্ৰেৰণ কৰিবলৈ কয় চিকিৎসকে ৷ পৰৱৰ্তী সময়ত আদিত্য নাৰ্ছিং হোমত তিনিচুকীয়াৰ আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : Pathetic condition of sub-health center: তিনিচুকীয়াত তথৈবচ অৱস্থাত উপ-স্বাস্থ্য কেন্দ্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.