নুমলীগড় শোধনাগাৰৰ অস্থায়ী খালাছী শ্ৰমিকৰ প্ৰতিবাদ - Temporary acquittal workers protest at Numaligarh
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16486014-531-16486014-1664271028605.jpg)
নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলৰ অস্থায়ী খালাছী শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ (Temporary workers protest at Numaligarh) সাব্য়স্ত কৰে । দীৰ্ঘদিনৰ পৰা মাৰ্কেটিং টাৰ্মিনেল (Temporary Khalachi of Marketing Terminal of Numaligarh Refinery) অস্থায়ী শ্ৰমিক হিচাপে শ্ৰম কৰি অহা শ্ৰমিকসকলক বঞ্চিত কৰি বহিৰাগত শ্ৰমিকক নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই সংগোপনে স্থায়ী নিযুক্তিৰ বিৰোধিতা কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । তদুপৰি পূৰ্বৰ শ্ৰমিক ইউনিয়নক নস্যাৎ কৰি নতুনকৈ এক স্বাৰ্থান্বেষী চক্ৰই খালাচী সন্থা গঠন কৰি বেনাৰ লগোৱা কাৰ্যক গৰিহনা দিয়ে । শীঘ্ৰেই দীৰ্ঘদিনৰ পৰা খালাছী কাম কৰা শ্ৰমিকক স্থায়ী নিযুক্তি, বহিৰাগত শ্ৰমিকৰ মকৰল বাতিল কৰাৰ লগতে পাবত গজা খালাছী সন্থা ভংগৰ দাবী জনাইছে খালাছী শ্ৰমিক সকলে । অন্যথা নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই খালাছী শ্ৰমিক সকলে ৷
Last Updated : Feb 3, 2023, 8:28 PM IST