Pilgrims Leave Rangia : বিটিআৰৰ ইএমৰ ব্যৱস্থাপনত তীৰ্থযাত্ৰালৈ ১৬৩ তীৰ্থযাত্ৰী

By

Published : Dec 2, 2022, 9:35 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

শুকুৰবাৰে ৰঙিয়া জংচনৰ পৰা তীৰ্থ ভ্ৰমণৰ উদ্দেশ্যে এটা দল ৰে'লযোগে ৰাওনা হয় (team leaves from Rangia for pilgrimage) । বি টি আৰৰ ই এম (EM of BTR) অৰূপ কুমাৰ দেৰ ব্যৱস্থাপনাত ওদালগুৰি আৰু টংলাৰ ১৬৩ গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ (below poverty line) বয়োজ্যেষ্ঠ পুৰুষ আৰু মহিলাই বৃন্দাবন, কাশী, গঞাৰ লগতে কেইবাখনো হিন্দু ধৰ্মৰ পবিত্ৰ স্থান দৰ্শন কৰিব । ৰঙিয়াৰ পৰা যাত্ৰা কৰা তীৰ্থযাত্ৰীসকলক ভ্ৰমণৰ শুভেচ্ছা দিয়াৰ উদ্দেশ্যে ৰঙিয়া ষ্টেচনত ই এম অৰূপ কুমাৰ দে আৰু মঙলদৈ সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত হয় (BJP MP Dilip Saikia) । তীৰ্থযাত্ৰীসকলক বিদায় সম্ভাষণ জনাই ই এমগৰাকীয়ে কয় যে সৎকৰ্ম কৰিবলৈ সকলোৰে ধৰ্মীয় চেতনা থকাৰ লগতে সকলোৱে আধ‍্যাত্মিক হ'ব লাগিব । লগতে ই এমগৰাকীয়ে বি টি আৰৰ আটাইকেইখনো জিলাৰ লগতে ইয়াৰ ওচৰে-পাজৰে থকা জিলাসমূহৰ পৰা তীৰ্থস্থানলৈ যাবলৈ বিচৰা সকলো ব্যক্তিকে অনাগত দিনত সহায় কৰিব বুলিও উল্লেখ কৰে । আনহাতে, সাংসদ দিলীপ শইকীয়াই ই এমগৰাকীৰ এনে পদক্ষেপক প্ৰশংসা কৰি তীৰ্থযাত্ৰীসকলক সুকলমে ঘৰলৈ উভতি অহাৰ শুভেচ্ছা জ্ঞাপন কৰে (BJP national GS Dilip Saikia) ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.