Teachers day 2023:শিক্ষাগুৰুৰ চৰণ ধুই আধ্যাত্মিকতাৰে উদযাপন শিক্ষক দিৱস - নলবাৰী
🎬 Watch Now: Feature Video


Published : Sep 5, 2023, 6:29 PM IST
নলবাৰী, ৫ ছেপ্টেম্বৰ : আজি পৱিত্ৰ শিক্ষক দিৱস । দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্দিত হৈছে শিক্ষাগুৰু। গুৰু বন্দনাৰে মুখৰ হৈছে চৌদিশ । ব্যতিক্ৰম নহয় নলবাৰীও । আধ্যাত্মিকতাৰ মাজেৰে নলবাৰীৰ ঘগ্ৰাপাৰত পালন শিক্ষক দিৱস । গুৰুৰ চৰণ ধুৱাই শিক্ষাৰ্থীয়ে বিচাৰিলে আশিস ৷
স্থানীয় হৰিমন্দিৰ প্ৰাংগণত স্বেচ্ছাসেৱী অনুষ্ঠান "প্ৰজ্ঞা" নলবাৰী জিলা সমিতিৰ উদ্যোগত সম্পূৰ্ণ আধ্যাত্মিকতাৰ মাজেৰে অনুষ্ঠিত কৰা হ'ল "গুৰু-পূজন" শীৰ্ষক এক মনোমোহা অনুষ্ঠান । গুৰুৰ চৰণ ধুৱাই শিক্ষাৰ্থীয়ে বিচাৰিলে আশিস । অনুষ্ঠানটোত স্বেচ্ছাসেৱী সংস্থাটোৱে জিলাখনৰ ভিন্ন ক্ষেত্ৰৰ পোন্ধৰ জনকৈ গুৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি জ্ঞাপন কৰে সম্বৰ্ধনা ।
বিশিষ্ট বাঁহীবাদক পৰমানন্দ ৰাজবংশী, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক ৰমণী বৰ্মন, ধ্ৰুপদী সংগীতৰ গুৰু মুনিন বুজৰবৰুৱা, বিশিষ্ট সংস্কৃত পণ্ডিত তথা অৱসৰ প্ৰাপ্ত অধ্যাপক অচ্যুত মিশ্ৰ বড়ো,পুতলা নাচৰ গুৰু হাৰাধন চক্ৰৱৰ্তীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ পোন্ধৰজনকৈ গুৰুক চৰণ ধুৱাই শিক্ষাৰ্থী সকলে পুষ্প মালা পৰিধান কৰোৱাই সম্বৰ্ধনা জনায় ।
লগতে পঢ়ক : Teachers day 2023:ধেমাজিত কৃতী শিক্ষকৰ ঘৰে ঘৰে জিলা আয়ুক্ত