Assam Book of Records : অনন্য প্ৰতিভাৰে জিলিকিছে গোলাঘাট জিলাৰ দুই শিক্ষয়িত্ৰী

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 3:59 PM IST

thumbnail

যোৰহাট, 8 নৱেম্বৰ : ধানেৰে গঁড় অংকন কৰি আছাম বুকছ অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত দেৰগাঁৱৰ এগৰাকী শিক্ষয়িত্ৰীৰ ৷ দেৰগাঁৱৰ মেঘালী দেৱী নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে কেইবাটাও প্ৰজাতিৰ ধানেৰে অংকন কৰা গঁড়ৰ ছবি অন্তৰ্ভূক্ত হ’ল আছাম বুকছ অৱ ৰেকৰ্ডছত ৷

অসমৰ ভিতৰত প্ৰথমবাৰলৈ ধানেৰে অংকন কৰা গঁড়ৰ ছবি আছাম বুকছ অৱ ৰেকৰ্ডছত অন্তৰ্ভূক্ত হোৱাত আনন্দিত শিক্ষয়িত্ৰী মেঘালী দেৱী ৷ অসম বুক অৱ ৰেকৰ্ডছৰ প্ৰমাণ পত্ৰ শিক্ষয়িত্ৰীগৰাকীক ঘৰতে আহি অৰ্পন কৰে বিষয়ববীয়াসকলে ৷ শিক্ষকতাৰ উপৰিও সৃষ্টিমূলক কামত নিজকে ব্যস্ত ৰাখে মেঘালী দেৱীয়ে ৷

ইফালে গোলাঘাটৰ ৰঞ্জুমনি তামুলী নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে বাঁহৰ গাঁঠিত অসম তথা ভাৰতবৰ্ষৰ কেইবাজনো বৰেণ্য ব্যক্তিৰ ছবি অংকন কৰি লাভ কৰিলে প্ৰাইড অৱ ইণ্ডিয়া এৱাৰ্ড ৷ অতি কষ্টেৰে এই শিল্প সাধনা কৰি বিশেষ সন্মান পোৱাত আনন্দিত ৰঞ্জুমনি তামুলী ৷ 

লগতে পঢ়ক : Kaliabhomora Marathon 2023:শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ সোঁৱৰণত কলিয়াভোমোৰা মাৰাথন দৌৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.