Moran VKB case: মৰাণৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে মইমতালিৰ অভিযোগ

By

Published : Apr 30, 2023, 8:29 AM IST

thumbnail

ডিব্ৰুগড়, 30 এপ্ৰিল: অনুশাসনৰ নামত চৰম মইমতালিৰ অভিযোগ মৰাণৰ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ৷ কেইবাজনো ছাত্ৰৰ খলপা-খলপকৈ চুলি কাটিলে প্ৰধান শিক্ষয়িত্ৰীয়ে ৷ ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈ নগৰত অৱস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা দাসৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ ছাত্ৰ আৰু অভিভাৱকে (Student Assaulted by Teacher) ৷

বিদ্যালয়খনত অধ্যয়নৰত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰ আৰু দশম শ্ৰেণীৰ ছাত্ৰৰ লগতে আন কেইবাগৰাকীও ছাত্ৰক প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে সামান্য চুলি দীঘল হৈ থকাৰ বাবে নিজৰ কাৰ্যালয়লৈ মাতি নি কেঁচিৰে জধে-মধে চুলি কাটি দিয়ে ৷ মৰাণৰ এটা হুঁচৰি দলৰ সদস্য এজন ছাত্ৰই বিহুৰ বাবে চুলি কটা নাই বুলি উল্লেখ কৰাত বিহু সম্পৰ্কেও তুলুঙা মন্তব্য প্ৰদান কৰি গালি-গালাজ কৰাৰ অভিযোগ কৰিছে ছাত্ৰজনে (Teacher Assaulted Student in Moran VKV) ৷ 

একেদৰে দশম শ্ৰেণীৰ আন এজন ছাত্ৰৰ লগতে আন কেইবাগৰাকী ছাত্ৰক এনেদৰে চুলি কাটি দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই বিষয়ত হুঁচৰি দলৰ সদস্যসকলেও শিক্ষয়িত্ৰীগৰাকীৰ কৰ্মকাণ্ডক ধিক্কাৰ জনাইছে ৷ ভৱিষ্যতৰ দিনত যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে সকীয়াই দিছে অভিভাৱকসকলে (Teacher chopping students hair in Moran) ৷

লগতে পঢ়ক: Laser show at Rang Ghar: ৰংঘৰত প্ৰধানমন্ত্ৰী মোডীৰ মন কী বাত অনুষ্ঠানক লৈ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.