মৰিয়নীত ৰে’ল বিভাগৰ হঠকাৰী সিদ্ধান্তত ক্ষোভত ফাটি পৰিল শ্ৰমিক - ভেলাগুৰি চাহ বাগিচা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-01-2024/640-480-20460065-thumbnail-16x9-tea-workers-protest.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 8, 2024, 8:30 PM IST
যোৰহাট, 8 জানুৱাৰী : যোৰহাট জিলাৰ মৰিয়নী ভেলাগুৰি চাহ বাগিচাত ৰে’ল বিভাগৰ বিৰুদ্ধে শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷ ৰে’ল বিভাগে হঠাতে গ্ৰহণ কৰা এক নাভুত-নাশ্ৰুত কাণ্ডৰ বিৰুদ্ধে ৰাইজৰ এই প্ৰতিবাদ৷ ইংৰাজৰ শাসনৰ দিনৰ পৰাই চলি থকা মৰিয়নী ভেলাগুৰি চাহ বাগিচাৰ অন্তৰ্গত কেলিবাৰি ডিবিজনৰ মাজত থকা ৰে’ল গেটখনৰ লগতে থকা পথটো কোনো আগতীয়া আগজাননী নিদিয়াকৈ ৰে’ল বিভাগে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বাগিচাৰ কৰ্তৃপক্ষৰ লগতে বাগিচাৰ শ্ৰমিক । কাৰণ উক্ত পথটোৱেই বাগান কৰ্তৃপক্ষ আৰু শ্ৰমিক ৰাইজে যাতায়তৰ মূলপথ হিচাপে ব্যৱহাৰ কৰি আহিছিল ।
যাতায়ত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া পৰিপ্ৰেক্ষিতত ৰে’ল বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে বাগিচাখনৰ সহস্ৰাধিক শ্ৰমিক আৰু ৰাইজ ৷ ৰে’ল বিভাগৰ এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰে পৰিহাৰ কৰি উক্ত পথটো যাতায়তৰ বাবে মুকলি কৰি দিবৰ বাবে ৰে’ল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ক্ষোভিত ৰাইজে ৷ আনহাতে ৰে’ল বিভাগে যদি পথটো শীঘ্ৰে যাতায়তৰ বাবে মোকলাই নিদিয়ে তেন্তে ভেলাগুৰি চাহ বাগিচাৰ শ্ৰমিক আৰু ৰাইজে ৰে’ল অৱৰোধ দৰে পন্থা গ্ৰহণ কৰি উক্ত স্থানত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি একপ্ৰকাৰে ৰে’ল বিভাগক সকীয়াই দিয়ে ৷
লগতে পঢ়ক : দৰমহাসহ বকেয়া বিচাৰি বঞ্চিত শ্ৰমিক নামিল ৰাজপথত