Protest at Doomdooma : দিয়ামূলীৰ উন্নয়নৰ দাবীত ডুমডুমাত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Aug 11, 2023, 5:28 PM IST

thumbnail

তিনিচুকীয়া, ১১ আগষ্ট : প্ৰতিবাদত উত্তাল হ’ল ডুমডুমা ৷ শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডুমডুমাত অইল ইণ্ডিয়া লিমিটেডৰ কাম-কাজ বন্ধ কৰি অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে অসম চাহ মজদুৰ সংঘ আৰু চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনকি দিয়ামূলী চাহ বাগিছাত থকা অইলৰ TBZ আৰু TBQ ৰিগ দুটাৰ কাম-কাজ বন্ধ কৰি দিয়ে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদকাৰীসকলৰ দাবী শীঘ্ৰে দিয়ামূলী চাহ বাগিছাৰ ৰাস্তা-ঘাটসমূহ পকীকৰণ কৰি দিয়ক ৷ কিয়নো চাহ বাগিছা উচ্ছেদ কৰি অইলে খাদ স্থাপন কৰাৰ পাচতো অইল ইণ্ডিয়াই দিয়ামূলীত কোনোধৰণৰ উন্নয়ণমূলক কাম-কাজ হোৱা নাই ৷ যাৰ বিৰুধিতাৰে অসম চাহ মজদুৰ সংঘ আৰু চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

প্ৰতিবাদকাৰীসকলৰ অভিযোগ, পূৰ্বেও বহুবাৰ ডুমডুমাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত এই পথসমূহ নিৰ্মাণৰ হকে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে সংগঠন কিম্বা স্থানীয় ৰাইজৰ সৈতে আলোচনাতো মিলিত হৈছিল ৷ কিন্তু আজি পৰ্যন্ত সেইসমূহ হৈ নুঠিল ৷ অইল ইণ্ডিয়া লিমিটেডে মাথোঁ ৰাইজক প্ৰতাৰণা কৰাৰহে অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদীসকলে ৷

লগতে পঢ়ক : ACMS protest : অসম চৰকাৰ হায় হায় ধ্বনিৰে উত্তাল মেনকা চাহ বাগিচা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.