Accident at Kakajan Tea Estate : মৰিয়নী কাকজান চাহ বাগিচা কলঘৰ পৰা পৰি গুৰুতৰভাৱে আহত শ্ৰমিক - চাহ বাগিচা কলঘৰ পৰা পৰি গুৰুতৰভাৱে আহত এজন শ্ৰমিক
🎬 Watch Now: Feature Video
যোৰহাট, 13 মাৰ্চ : সোমবাৰে মৰিয়নীৰ কাকজান চাহ বাগিচাত সংঘটিত হয় এক অঘটন । বাগিচাৰ কলঘৰত কৰ্মৰত অৱস্থাত কলঘৰৰ ওপৰৰ মূধচৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন শ্ৰমিক (Tea Worker Injured In Accident at Kakajan Tea Estate) । আহত শ্ৰমিকজনৰ নাম অমৃত মাঝি (22) ।
বিৱৰণি অনুসৰি, অইন দিনাৰ দৰে সোমবাৰেও কলঘৰৰ ওপৰৰ মূধচত কাম কৰি আছিল অমৃত মাঝিয়ে ৷ তেনেতে হঠাৎ কলঘৰৰ ওপৰৰ মূধচৰ পৰা তললৈ পৰি যায় অমৃত । তাৰ পাচতে আহত অমৃতক JMCH লৈ প্ৰেৰণ কৰা হয় ৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত উন্নত চিকিৎসা বাবে অমৃতক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
ইফালে বাগিচাৰ পৰিচালকে এই দুৰ্ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰে ৷ এই অভিযোগ উত্থাপন কৰিছে বাগিচাৰ একাংশ শ্ৰমিক আৰু অমৃতৰ আত্মীয়ই ৷ উল্লেখ্য যে, বৰ্তমান সময়ত চাহ বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ নিৰাপত্তা আৰু জীৱনৰ কোনো মূল্য নাইকিয়া হৈ পৰিছে ।
যি সময়ত চাহ শ্ৰমিকসকলৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হৈছে বুলি বিভিন্ন সময়ত চৰকাৰে জয় ঢোল বজাই আহিছে, সেই সময়তে কিন্তু ৰাজ্য চাহ বাগিচাসমূহত শ্ৰমিকসকলক শোষণ চলাই তেওঁলোকৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন হৈছে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ।
লগতে পঢ়ক : Civil War in Myanmar: আকৌ অশান্ত ম্যানমাৰ; সেনাৰ গুলীত নিহত KNDFৰ 28 কেডাৰ