Protest at DuliabamTea Estate: দুলীয়াবাম চাহ বাগিচাৰ উপ-পৰিচালকক বহিষ্কাৰ কৰাৰ দাবীৰে শ্ৰমিকৰ প্ৰতিবাদ

By

Published : Mar 29, 2023, 10:39 PM IST

thumbnail

মৰাণ, 29 মাৰ্চ : ডিব্ৰুগড়ৰ খোৱাং দুলীয়াবাম চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি (Tea estate labor protest) ৷ বাগিচাখনৰ উপ-পৰিচালকক বহিষ্কাৰ কৰাৰ দাবীৰে শ্ৰমিকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Protest at DuliabamTea Estate)৷ চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ বাবে অভিলাষী আঁচনি ৰূপায়ণৰ কথা ঘোষণা কৰি ৰঙীন বিজ্ঞাপন দিলেও আজিও পাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে লাখ লাখ চাহ বাগিচাৰ শ্ৰমিক ৷ ইয়াৰে পৰিণতিতে বুধবাৰে নিজ অধিকাৰ বিচাৰি ডিব্ৰুগড় জিলাৰ খোৱাং দুলীয়াবাম চাহ বাগিচাত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (labor protest at Duliabam Tea Estate)৷ 

বাগিচাৰ শ্ৰমিকসকলে কাম বন্ধ কৰি বাগিচাৰ ফেক্টৰীৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি অভিযোগ উত্থাপন কৰে যে বাগিচাখনৰ উপ-পৰিচালক সঞ্জীৱ কুমাৰ বালিয়ানে শ্ৰমিকসকলক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ লগতে বাগিচাৰ লাইনত খোৱা পানীকে ধৰি কোনো ধৰণৰ সুবিধা প্ৰদান কৰা নাই ৷ কেৱল ইমানেই নহয়, উপ-পৰিচালক গৰাকীয়ে মহিলা শ্ৰমিকসকলক 'কুলি' বুলি মাতি অপমান কৰে বুলি শ্ৰমিকসকলে অভিযোগ কৰে ৷ 

যাৰ পৰিপ্ৰেক্ষিতত আজি ৫ শতাধিক শ্ৰমিক একত্ৰিত হৈ বাগিচা ফেক্টৰীৰ চৌহদত উপ-পৰিচালকৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তোলে ৷ 

লগতে পঢ়ক:  Hazarikapara Gaon Panchayat scam : 100 টকা নিদিলে ৰেচন কাৰ্ডৰ নথিপত্ৰ জমা নিদিয়ে পঞ্চায়তৰ সভানেত্ৰীয়ে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.