সৰুপথাৰত টাই নৱবৰ্ষ পয় পি মাউ 2118 উদযাপন - টাই নৱবৰ্ষ
🎬 Watch Now: Feature Video
Published : Dec 11, 2023, 8:47 PM IST
|Updated : Dec 11, 2023, 9:38 PM IST
সৰুপথাৰ, 11 আগষ্ট : ধনশিৰি মহকুমাৰ 1 নং ৰজাপুখুৰী তুৰুং গাঁৱত উদযাপন টাই নৱবৰ্ষ উৎসৱ ৷ সদৌ অসম মান (টাই ভাষী) সমন্বয়ৰক্ষী সমিতিৰ সৌজন্যত আৰু টাই তুৰুং জাতীয় পৰিষদৰ উদ্যোগত অনুষ্ঠিত "পয় পি মাউ 2118" অৰ্থাৎ টাই নৱবৰ্ষ উৎসৱ ৷
অতি উলহ-মালহেৰে উদযাপন কৰা "পয় পি মাউ 2118 " (টাই নৱবৰ্ষ উৎসৱ) ত টাই জনগোষ্ঠীয় লোকসকলে তেওঁলোকৰ পৰম্পৰাগত কলা-সংস্কৃতি প্ৰদৰ্শন কৰি কৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা ৷
মন্ত্ৰীগৰাকী উপস্থিত হৈ প্ৰথমে টাই সকলৰ অশোক বিহাৰ মন্দিৰত সেৱা লয় ৷ জনগোষ্ঠীটোৰ সমন্বয় আৰু সাংস্কৃতিক চেতনাক উজ্জীৱিত কৰি স্বকীয় ভাষা, সংস্কৃতিক বিকাশ কৰি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে সকলো একত্ৰিত হৈ তুৰুং গাঁৱৰ লেচাম তুৰুং সমন্বয় ক্ষেত্ৰত এই উৎসৱ উদযাপন কৰিছে ৷ এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰাৰ লগতে বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকে ৷
লগতে পঢ়ক : তিনিদিনীয়া কাৰ্যসূচীৰে সোণাৰিত আৰম্ভ হ'ল সাংস্কৃতিক মহাসংগ্ৰাম