আহোম জাতি মুৰ্দাবাদ দিয়াজনক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ হুংকাৰ টাই আহোম যুৱ পৰিষদৰ - আহোম জাতি মুৰ্দাবাদ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 18, 2022, 6:21 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

যোৱা ২৯ জুলাইত প্ৰক্তন বিধায়িকা আঙুৰলতা ডেকাৰ নেতৃত্বত এটা প্ৰতিবাদী সমদলত আহোম জাতি মূর্দাবাদ শ্ল'গান দি আহোম জাতিক অপমান কৰাৰ অভিযোগেৰে ক্ষুদ্ধ হৈ আছে আহোমসকলৰ লগতে বিভিন্ন দল-সংগঠন । কিন্তু ৰহস্যজনক ভাৱে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো উক্ত শ্ল'গান দিয়া ব্যক্তিজনক আজিলৈকে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱৰাত টাই আহোম যুৱ পৰিষদ(Tai Ahom Yuba Parishad Assam)চমুকৈ টাইপাই অসম চৰকাৰক সংবাদমেলৰ যোগেদি আৰক্ষীৰ ব্যৰ্থতাৰ লগতে আহোম জাতিক বিজেপি চৰকাৰখনে অপমান কৰাৰ সংকল্প লৈছে নেকি বুলি প্ৰশ্ন কৰে। বৃহস্পতিবাৰে মৰাণৰ আয়োজিত এক সংবাদমেলত টাইপাৰ নেতাসকলে আহোমৰ বিভিন্ন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sarma)অংশগ্ৰহণ কৰি এখন নাটক সৃষ্টি কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে । টাইপাৰ কেন্দ্ৰী সভাপতি বিজয় ৰাজখোৱা আৰু সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইয়ে সংবাদমেলত অতি শীঘ্ৰে আহোম জাতি মুৰ্দাবাদ শ্ল'গান দিয়া ব্যক্তিজনক গ্ৰেপ্তাৰ নকৰিলে দিছপুৰ আৰু বিজেপিৰ মূখ্য কাৰ্যালয়ত ঘেৰাও কাৰ্যসূচী হাতত ল'ব বুলিও সকীয়াই দিয়ে । প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলিও কয় ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.