thumbnail

By

Published : Jan 11, 2023, 7:37 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ETV Bharat / Videos

Opposed Constituency Delimitation: শিৱসাগৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে সৰৱ জনগোষ্ঠীয় সংগঠন

বুধবাৰে শিৱসাগৰত টাই আহোম জাতীয় পৰিষদৰ উদ্যোগত উজনিৰ ১০ টা সংগঠনৰ এক সভা অনুষ্ঠিত হয় (Tai Ahom Jatiya Parishad PC in Sivasagar) । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে অনুষ্ঠিত হয় এই সভা (Tai Ahom Jatiya Parishad opposed delimitation) । উজনি অসমৰ মানুহক অৱজ্ঞা কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কাৰ্য অব্যাহত ৰাখিলে পৃথক উজনি অসম ৰাজ্য বা স্বায়ত্ত শাসনৰ দাবী উঠিব বুলি সভাৰ পৰা চৰকাৰক সকীয়াই দিয়ে সংগঠনকেইটাই (opposed constituency delimitation) । লগতে অনাগত দিনত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিয়ে এই ১০ সংগঠনে । আনহাতে, অসমক জনজাতীয় ৰাজ্য কৰাৰো দাবী জনাই উজনি অসমত জয় শ্ৰীৰামৰ কোনো মূল্য নাই বুলি প্ৰকাশ কৰে । উল্লেখ্য, লাচিতক হিন্দুকৰণৰ চেষ্টাক উজনি অসমে কেতিয়াও মানি নলয় বুলিও সংবাদমেলত স্পষ্টকৈ কয় ড৹ দয়ানন্দ বৰগোঁহায়ে । লগতে যোৰহাটত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন খেলি সৰ্বানন্দ সোণোৱালক শক্তিহীন কৰাৰ চেষ্টা চলোৱাৰ খবৰ ওলাইছে বুলিও দয়ানন্দ বৰগোঁহায়ে বিস্ফোৰক মন্তব্য কৰে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.