Burning Car: বৰভগীয়াত শিল পৰিবাহী ডাম্পাৰ আৰু ছুইফট বাহন মাজত সংঘৰ্ষ - কলিয়াবৰৰ বৰভগীয়াত অঘটন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/12-09-2023/640-480-19490486-thumbnail-16x9-kal.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 12, 2023, 11:48 AM IST
কলিয়াবৰ, 12 ছেপ্টেম্বৰ : কলিয়াবৰৰ বৰভগীয়াত অঘটন ৷ মঙলবাৰে পুৱাৰ ভাগত কলিয়াবৰৰ বৰভগীয়া চাৰিআলিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এখন শিল কঢ়িওৱা ডাম্পাৰ আৰু ছুইফট বাহনৰ মাজত সংঘৰ্ষ হয় ৷ ফলত কেই মুহূৰ্তমানৰ ভিতৰতে দাউদাউকৈ জ্বলি উঠে ছুইফট বাহনখন ৷ এই দুৰ্ঘটনাটোত ছুইফট বাহনখনত থকা দুজন লোক আহত হৈছে ৷
আহতসকলক বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে অগ্নি নিৰ্বাপক বাহিনীৰ লোক আৰু স্থানীয় ৰাইজে ৷ দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ হৈছে AS 02 DC 1562 আৰু ছুইফটখনৰ নম্বৰ AS 06 AH 8493 বুলি জানিব পৰা গৈছে ৷
প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, শিল পৰিবাহী ডাম্পাৰখনে কোনো সংকেট নিদিয়াকৈ ইউ টাৰ্ণ ল’বলৈ ধৰিছিল ৷ তেনেতে একে দিশতে আহি থকা ছুইফট বাহনখনে ডাম্পাৰখনক পিচফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ খুন্দা মৰাৰ পিচতেই মুহূৰ্ততে জ্বলি উঠে ছুইফটখনৰ সন্মুখভাগ ।
তাৰ পাচতে খবৰ দিয়া হয় অগ্নি নিৰ্বাপক বাহিনীৰ লোকক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপিত কৰে যদিও ছুইফটখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় ৷
লগতে পঢ়ক : Dibrugarh murder case : হত্যাৰ পূৰ্বে যুৱতীৰ সৈতে ধাবাত সুৰাপান কৰিছিল আজিজে; পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য