Swasthya Sewa Utsav 2023 : বৰপেটাৰ ৬৩ খন হাস্পতালত অনুষ্ঠিত স্বাস্থ্য সেৱা উৎসৱ - স্বাস্থ্য সেৱা উৎসৱ
🎬 Watch Now: Feature Video
বৰপেটা, ৬ এপ্ৰিল : শিক্ষা বিভাগে ৰূপায়ণ কৰা গুণোৎসৱৰ লেখীয়াকৈ এইবাৰ ৰাজ্যৰ স্বাস্থ্যখণ্ডত অনুষ্ঠিত হৈছে স্বাস্থ্য সেৱা উৎসৱ (Swasthya Sewa Utsav) ৷ হাস্পতালৰ আন্তঃগাঁঠনি আৰু স্বাস্থ্য সেৱাৰ গুণগত মান নিৰ্ধাৰণৰ লক্ষ্যৰে বৃহস্পতিবাৰৰ পৰা ৮ এপ্ৰিললৈ ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে স্বাস্থ্য সেৱা মহোৎসৱ ২০২৩ (Assam govt celebrated Swasthya Sewa Utsav 2023)।
সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ মুঠ ৬৩ খন হাস্পতালত স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত কৰা হৈছে ৷ স্বাস্থ্য সেৱা উৎসৱত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, প্ৰশাসনিক বিষয়া, স্বাস্থ্যকৰ্মী আৰু গুৱাহাটীৰ পৰা অহা বিভিন্ন চৰকাৰী বিষয়াকে ধৰি স্থানীয় জনপ্ৰতিনিধিয়ে হাস্পতালসমূহ পৰ্যবেক্ষণ কৰি মান নিৰ্ণয় কৰে ।
স্বাস্থ্য সেৱা উৎসবৰ জৰিয়তে পৰ্যৱেক্ষকসকলে হাস্পতালৰ আন্তঃগাঁঠনি আৰু চিকিৎসাৰ মান নিৰূপণ কৰি গ্ৰেড প্ৰদান কৰা হ’ব ৷ সেই মতে পর্যৱেক্ষণৰ হাৰ শতকৰা ৭০% শতাংশ হ’লে 'এ' গ্ৰেড, ৫০ ৰ পৰা ৬৯ শতাংশ হলে 'বি' গ্ৰেড আৰু ৫০ শতাংশৰ কম হলে ‘চি’ গ্ৰেড লাভ কৰিব সংশ্লিষ্ট হাস্পতালসমূহে ৷
দেশৰ ভিতৰত অসমতে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা ‘‘স্বাস্থ্য সেৱা মহোৎসৱ’’ৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰৰ আন্তঃগাঁথনিৰ উন্নতি সাধন কৰি জনসাধাৰণক উপযুক্ত চিকিৎসা প্ৰদানৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবেই স্বাস্থ্য বিভাগৰ জৰিয়তে স্বাস্থ্য সেৱা উৎসৱ পালন কৰিছে ৰাজ্য চৰকাৰে ৷
লগতে পঢ়ক : Leopard Death in Kaziranga: মৰিয়নিৰ কাকজান চাহবাগিচাত উদ্ধাৰ হোৱা নাহৰফুটুকীৰ মৃত্যু