Swargeodeo Sarbananda Singha Divas: জামিৰাত 221 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদযাপন - স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, 25 মে’ : দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰৰ পৰা ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল জামিৰা টাণ্টিয়া হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে 221 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস আৰু মটক জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ (Swargeodeo Sarbananda Singha Divas held in Dibrugarh)।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ উদ্যোগত আৰু সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদৰ লগতে বৃহত্তৰ জামিৰা পাত্ৰ মটক গাঁৱৰ ৰাইজৰ আতিথ্যত আয়োজিত কৰা হয় এই অনুষ্ঠানটো ৷
এই বৰ্ণাঢ্য অনুষ্ঠানৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পনৰ লগতে মঞ্চ মুকলি কৰা হয় । ইয়াৰ পিচতেই মঞ্চত বিভিন্ন প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয় । কাৰ্যসূচীৰ জৰিয়তে মটক জনগোষ্ঠীৰ কেউটা ভাতৃ সংগঠনে মটক জনগোষ্ঠীক জনজাতিকৰণ কৰা, চৰকাৰী সুবিধাসমূহ শীঘ্ৰেই প্ৰদান কৰা আদি দাবীসমূহ উত্থাপন কৰা হয় ৷
লগতে পঢ়ক : Mega appointment letter distribution : চৰকাৰী চাকৰী লাভ কৰি সুখী ৰাজ্যৰ বহু যুৱক-যুৱতী