Demow Police: ডিমৌত আৰক্ষীৰ জালত চাৰি সন্দেহযুক্ত ডকাইত - Demow Police

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 9, 2023, 2:30 PM IST

শিৱসাগৰ, 9 আগষ্ট: ডিমৌ আৰক্ষীৰ বৃহৎ সফলতা । বুধবাৰে পুৱতি নিশা ডিমৌ আৰক্ষীয়ে অভিযান চলাই চাৰি সন্দেহজনক ডকাইত কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে কিছুদিনৰ কিছুদিন পূর্বে ডিমৌৰ দেৱপুৰৰ শিক্ষক দম্পতীৰ বাসগৃহত আলফাৰ নামলৈ চাৰি পাঁচ জনীয়া এটা ডকাইতৰ দলে লুটি লৈ গৈছিল সোণৰ অলংকাৰ আৰু নগদ ধন । সেই ঘটনাৰ পাচতে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল ৷  

আৰক্ষীয়ে ইতিমধ্যে ইজনৰ পাচত সিজনকৈ সন্দেহজনক লোকক আটক কৰিছে ৷ তিনি দিনৰ পূৰ্বে শিৱসাগৰৰ পৰা মহিলাসহ দুজন ব্যক্তিক আটক কৰিছিল ৷ তাৰ পাচতে বুধবাৰে ডিমৌ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে উক্ত ঘটনাৰ লগত সন্দেহজনক চাৰি ডকাইতক ৷ আটক কৰা সন্দেহজনক লোক কেইজনৰ পৰা AS 04 AE 8848 নম্বাৰৰ এখন বাহন জব্দ কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: ATASU protest in Sivasagar : আহোম জনগোষ্ঠীক জনজাতি মৰ্যদা প্ৰদানৰ দাবীত অৰ্ধ উলংগ হৈ শিৱসাগৰত আটাছুৰ প্ৰতিবাদ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.