thumbnail

AHSEC Result 2023 : গাণনিক বিষয়া হোৱাৰ সপোন বাণিজ্যত চতুৰ্থ স্থান দখল কৰা সূৰ্য জৈনৰ

By

Published : Jun 6, 2023, 1:36 PM IST

ডিব্ৰুগড়, ৬ জুন : মঙলবাৰে ঘোষণা হৈছে উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল (AHSEC result 2023 declared) । ঘোষিত ফলাফল অনুযায়ী বিজ্ঞান শাখাত শীৰ্ষ ১০টা স্থানত জিলিকিছে মুঠ ১৬ গৰাকী শিক্ষাৰ্থী । আনহাতে, কলা শাখাৰ শীৰ্ষ ১০ স্থান দখল কৰিছে ১০ গৰাকী শিক্ষাৰ্থীয়ে (HS commerce result 2023 declared) । একেদৰে বাণিজ্য শাখাৰো শীৰ্ষ ১০ স্থানত ১৪ গৰাকী শিক্ষাৰ্থী ।

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান দখল কৰিছে ডিব্ৰুগড়ৰ সূৰ্য জৈনে (Surya Jain of Dibrugarh secured 4th in HS commerce) । নিজৰ ফলাফলক লৈ সন্তুষ্ট ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমীৰ ছাত্ৰ সূৰ্য জৈন ।

ফলাফল সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়ত সূৰ্য জৈনে প্ৰকাশ কৰে যে তেওঁৰ ভৱিষ্যতে গাণনিক বিষয়া হোৱাৰ সপোন আছে । উল্লেখ্য যে বাণিজ্য শাখাত মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৬৭ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছে সূৰ্য জৈনে ।

লগতে পঢ়ক :HS result commerce: বাণিজ্য শাখাত শীৰ্ষ 10 স্থানত 14 গৰাকী পৰীক্ষাৰ্থী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.